দলগাঁও, 6 অক্টোবৰঃ ভাড়া বৃদ্ধিৰ দাবীত ৫ অক্টোবৰৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই ঘোষণা কৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে সমগ্ৰ ৰাজ্যত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দলগাঁৱতো দেখা পোৱা গৈছে বন্ধৰ প্ৰভাৱ ৷ যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৷
মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত দলগাঁৱত বন্ধৰ নামত একাংশ বন্ধৰ সমৰ্থকে দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ চালকৰ সৈতে উদভণ্ডালি কৰাও পৰিলক্ষিত হয় ৷ যাৰ বাবে বন্ধ সমৰ্থকৰ এনে কাণ্ডত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দলগাঁৱত ৷