ETV Bharat / state

সমাগত শাৰদীয় দুৰ্গোৎসৱঃ নাই মৃৎশিল্পীৰ ব্যস্ততা, ভক্তৰ আনন্দ উল্লাস - দৰঙৰ খাৰুপেটীয়াৰ মৃৎশিল্পীসকল

সমাগত শাৰদীয় দুৰ্গোৎসৱ । নাই মৃৎশিল্পীৰ ব্যস্ততা,ভক্তৰ মাজত নাই আনন্দ উল্লাস । খালী হৈ আছে প্ৰতিমা নিৰ্মাণথলী ৷ হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিছে মৃৎশিল্পীসকলে ।

নাই মৃৎশিল্পীৰ ব্যস্ততা, ভক্তৰ আনন্দ উল্লাস

author img

By

Published : Aug 28, 2020, 11:02 AM IST

দলগাঁও, 28 আগষ্ট : প্ৰকৃতিৰ নিয়ম অনুসৰি ভাদৰ মাহে ইতিমধ্যে কঢ়িয়াই আনিছে শৰতৰ আগমনৰ বতৰা । শৰৎ বুলিয়েই মনলৈ আহে শাৰদীয় দুৰ্গোৎসৱৰ বতৰা । মন ভৰি পৰে প্ৰাচুৰ্য্যতাৰে । ইয়াৰ মাজতেই সমগ্ৰ দেশতে প্ৰাদুৰ্ভাৱ ঘটা কৰ'ণা মহামাৰীৰ বাবে অন্যান্য বছৰৰ দৰে এইবাৰ দেখা যোৱা নাই দুৰ্গোৎসৱৰ ব্যস্ততা,নাই আনন্দ উল্লাস ।

সমাগত শাৰদীয় দুৰ্গোৎসৱঃ নাই মৃৎশিল্পীৰ ব্যস্ততা, ভক্তৰ আনন্দ উল্লাস
মৃৎশিল্পী মহানন্দ পাল

লগতে পঢ়ক : কামপুৰত কৃষক নেতা অখিল গগৈক কাৰামুক্ত কৰিবলৈ পুঁজি সংগ্ৰহ

বছৰৰ অতি ব্যস্ততাপূৰ্ণ সময়খিনিতে হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰা খাৰুপেটীয়াৰ মহানন্দ পাল নামৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে, 'প্ৰতিবছৰে এই সময়খিনিত পৰিয়ালসহ প্ৰতিমা নিৰ্মাণত ব্যস্ত থাকো যদিও এইবাৰ নাই দুৰ্গোৎসৱৰ ব্যস্ততা । প্ৰতি বছৰে কেইবাটাও দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি আৰ্থিকভাৱে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো যদিও এইবাৰ মাত্ৰ এটা প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰহে পাইছো । কৰ'ণা মহামাৰীৰ বাবে বিগত ছমাহ ধৰি অনুষ্ঠিত হোৱা নাই কোনোধৰণৰ উৎসৱ-পাৰ্বন । আন আন উৎসৱ-পাৰ্বনৰ দৰে দুৰ্গোৎসৱৰ সকলো আনন্দ উন্মাদনা ম্লান কৰি পেলালে মহামাৰীৰ ৰূপত অহা কৰ'ণাই । হয়তো জাক জমকতাৰে এইবাৰ অনুষ্টিত নহয় দুৰ্গোৎসৱ, যাৰ বাবেই আমাৰ নাই ব্যস্ততা ।'

সমাগত দুৰ্গোৎসৱলৈ মাজত মাত্ৰ ডেৰমাহ সময় বাকী আছে । এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াৰ মৃৎশিল্পীসকলে পৰিয়ালৰ আন আন সদস্যৰ সৈতে ব্যস্ত হৈ পৰে দুৰ্গতিনাশিনী দেবী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণৰ কামত ।

লগতে পঢ়ক : লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

মৃৎশিল্পীসকলে বাঁহ,কাঠ,খেৰ,মাটি আদিৰে মৃন্ময় মূৰ্তিক জীৱন্ত ৰূপ দিবলৈ ব্যস্ত হৈ পৰে দিনে নিশাই । শিল্পীৰ হাতৰ পৰশত লাহে লাহে প্ৰাণৱন্ত হৈ পৰে প্ৰতিমাসমূহ । প্ৰতিবছৰে মৃৎশিল্পীসকলৰ প্ৰতিমা নিৰ্মাণ থলী দেৱী দুৰ্গাৰ প্ৰতিমাৰে ভৰি থকাৰ বিপৰীতে এইবাৰ খালী হৈ আছে প্ৰতিমা নিৰ্মাণস্থলী,এক নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে প্ৰতিমা নিৰ্মাণথলীত । এই বছৰ কৰ'ণা মহামাৰীৰ বাবে কোনোধৰণৰ পূজা-পাৰ্বন অনুষ্ঠিত নোহোৱা বাবে আৰ্থিকভাবে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে মৃৎশিল্পীসকল ।

মহামাৰীৰ ফলত প্ৰভাৱিত হৈছে মৃৎশিল্পীসকল

লগতে পঢ়ক : ইটিভি নেটৱৰ্কৰ গৌৰৱোজ্বল 25 বছৰঃদৰ্শক আৰু কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন অধ্যক্ষ ৰামোজী ৰাওৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.