দলগাঁও, 31 অক্টোবৰ: এতিয়া ৰাজ্যৰ বজাৰত বৃদ্ধি হৈছে ড্ৰেগন ফ্ৰুইটছৰ চাহিদা (Dragon fruits in Assam)৷ বজাৰত সাধাৰণ ফলৰ দৰেই সহজলভ্য হৈছে ড্ৰেগন ফ্ৰুইটছ ৷ বজাৰত এই ফলবিধৰ চাহিদাৰ বৃদ্ধিৰ লগে লগে ড্ৰেগন ফ্ৰুইটছৰ খেতিৰে স্বাৱলম্বী হৈছে ৰাজ্যৰ বহু কৃষক (Dragon Fruits Farming in Assam)৷
অসমীয়াত এষাৰ কথা আছে মন কৰিলেই চন বাকৰি মাটিটো ধন ৷ এই আপ্তবাক্যষাৰী যেন প্ৰমাণ কৰি দেখুৱালে দুই ভাতৃয়ে ৷ ইউটিউবৰ পৰা চাই চাই শিকিয়েই আব্দুল ওৱাহেদ আৰু আব্দুল লতিফে পৰিকল্পনা কৰিছিল ড্ৰেগন ফ্ৰুইটছৰ খেতিৰ ৷ খাৰুপেটীয়াৰ পৰা 5 কিঃমিঃ নিলগত থকা পশ্চিম কামাৰপাৰাৰ বাসিন্দা দুই ভাতৃ ৷ তেওঁলোকে পৰিকল্পনা অনুসৰি ঘৰৰ নিজা ডেৰ বিঘা মাটিত প্ৰথমে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰে (Dragon Fruits Farming at Dalgaon) ৷
ভাতৃদ্বয়ে পাঁচ লক্ষাধিক টকা খৰচ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ডেৰ বিঘা মাটিত মুঠতে 18 শ পুলি ৰোপন কৰে৷ তাৰ পিছতে গছসমূহ বাঢ়ি আহিবলৈ প্ৰতিটো গছপুলিতে এটাকৈ পকী খুঁটা নিৰ্মাণ কৰা হয় ৷ এডাল ড্ৰেগন ফ্ৰুইটছৰ গছে 20 পৰা 30 বছৰ পৰ্যন্ত ফল দিব পাৰে, সেইবাবে গছডালৰ ভাৰসাম্য ৰাখিবলৈ পকী খুঁটা অতিকৈ আৱশ্যক ৷ এই পুলিবোৰ ডাঙৰ হোৱাৰ প্ৰায় 4-মাহৰ ভিতৰতেই ফল লাগিবলৈ আৰম্ভ কৰে বুলি খেতিয়ক আব্দুলে জানিবলৈ দিয়ে ৷
প্ৰথম অৱস্থাত এই খেতি ব্যয়বহুল হ'লেও এই খেতিৰ পৰা বছৰি ৪-৫ লাখ টকা উপাৰ্জন হ’ব পাৰে বুলি কোৱাৰ লগতে এই গছে বছৰত ৯ মাহ ফল দিয়া বুলি কয় খেতিয়ক গৰাকীয়ে । প্ৰতিডাল গছে ৪০-৫০ টাকৈ ফল দিয়ে । এই ড্ৰেগন ফ্ৰুইটছ প্ৰতি কেজিত 200 ৰ পৰা 250 মূল্যত স্থানীয় বজাৰত বিক্ৰী কৰিছে বুলি কয় খেতিয়কগৰাকীয়ে ৷
যিসময়ত ৰাজ্যত নিৱনুৱা সমস্যাই একাংশ শিক্ষিত যুৱক যুৱতীক হতাশ কৰি পেলোৱা পৰলক্ষিত হৈছে তেনেক্ষেত্ৰত খেতিয়ে এতিয়া একাংশ লোকক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ সেয়ে চাকৰিৰ পিছে পিছে নুঘুৰি প্ৰচুৰ উপাৰ্জন থকা খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ নিবনুৱা যুৱক যুৱতীক আহ্বান জনাইছে কৃষক আব্দুলে ৷
লগতে পঢ়ক: Recycle plastic into petrol diesel: পেলনীয়া প্লাষ্টিকেৰে পেট্ৰ'ল, ডিজেল প্ৰস্তুত জুৰীয়াৰ জাফৰৰ