ETV Bharat / state

দৰঙত আধাৰ কেন্দ্ৰৰ অনিয়মৰ তদন্তৰ দায়িত্ব অতিৰিক্ত উপায়ুক্তক - DARRANG DISSTRICT ADHAAR CENTER NEWS

জিলাখনৰ কিছুসংখ্যক আধাৰ কেন্দ্ৰত, বিশেষকৈ ছিপাঝাৰত পঞ্জীয়ণৰ নামত বিভিন্ন অনিয়ম হৈছে বুলি বিভিন্ন মহলত উঠা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰাক এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে

দৰঙত আধাৰ কেন্দ্ৰৰ অনিয়মৰ তদন্তৰ দায়িত্ব অতিৰিক্ত উপায়ুক্তক

author img

By

Published : Sep 2, 2020, 7:13 PM IST

মঙলদৈ,২ চেপ্তেম্বৰঃ দৰং জিলাৰ এটা আধাৰ কেন্দ্ৰত সংঘটিত হোৱা অনিয়মক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিচতে আধাৰ কেন্দ্ৰটোৰ তদন্তৰ দায়িত্ব প্ৰদান কৰে অতিৰিক্ত উপায়ুক্তক ।

উল্লেখ্য যে, দৰং জিলাৰ বিভিন্ন আধাৰ কেন্দ্ৰৰ অনিয়মৰ ক্ষেত্ৰত বিভিন্ন মহলে তোলা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ত তদন্ত কৰিবলৈ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰাক দায়িত্ব দিছে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই । বুধবাৰে এই কথা ব্যক্ত কৰি উপায়ুক্তজনে কয় যে, জিলাখনৰ কিছুসংখ্যক আধাৰ কেন্দ্ৰত, বিশেষকৈ ছিপাঝাৰত পঞ্জীয়ণৰ নামত বিভিন্ন অনিয়ম হৈছে বুলি বিভিন্ন মহলত উঠা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰাক এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে আৰু অনিয়মৰ উপযুক্ত প্ৰমাণ পালে দোষীক শাস্তি বিহা হ'ব বুলি উল্লেখ কৰিছে । আনহাতে, ৰাইজৰ সহায়ৰ বাবে দুমুনীচকীৰ আশে-পাশে আন এটা আধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও উপায়ুক্তজনে লগতে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.