দলগাওঁ, 9 আগষ্টঃ দলগাঁওৰ ৰাজ্যিক চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসকৰ সংখ্যাৰ অভাৱৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ চৰম অমনোযোগিতা তথা হেমাহিৰ বাবে জনবসতি প্ৰধান অঞ্চলটোৰ একমাত্ৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খন দীৰ্ঘদিন ধৰি চলি আছে এজন চিকিৎসকৰ দ্বাৰা ৷ বহু দিনৰ পৰা অঞ্চলটোৰ ৰাইজে অভিজ্ঞ চিকিৎসক এজনক চিকিৎসালয় খনৰ দায়িত্বত দিবলৈ দৰং জিলাৰ স্বাস্থ্য বিভাগক দাবী জনাই আহিছিল যদিও আজি প্ৰায় সাত বছৰৰ পৰা আয়ুৰ্বেদিক চিকিৎসক এজনক চিকিৎসালয়খনৰ দায়িত্বত নিয়োজিত কৰাত সমস্যাত ভুগিছে ৰোগী সকল। পুৱা সাত বজাৰ পৰা শাৰী পাতি থকা ৰোগীসকলে নিতৌ বহু সময় ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি ঘৰলৈ উভতি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
দৰঙত এজন চিকিৎসকে পৰিচালনা কৰিছে চৰকাৰী চিকিৎসালয় - Darrang
দৰঙৰ দলগাঁৱত চিকিৎসকৰ অভাৱত হাহাকাৰ ৰোগীৰ ৷ মাত্ৰ এজন চিকিৎসকৰ ওপৰত নিৰ্ভৰ তিনি শতাধিক ৰোগী ৷
দলগাওঁ, 9 আগষ্টঃ দলগাঁওৰ ৰাজ্যিক চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসকৰ সংখ্যাৰ অভাৱৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ চৰম অমনোযোগিতা তথা হেমাহিৰ বাবে জনবসতি প্ৰধান অঞ্চলটোৰ একমাত্ৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খন দীৰ্ঘদিন ধৰি চলি আছে এজন চিকিৎসকৰ দ্বাৰা ৷ বহু দিনৰ পৰা অঞ্চলটোৰ ৰাইজে অভিজ্ঞ চিকিৎসক এজনক চিকিৎসালয় খনৰ দায়িত্বত দিবলৈ দৰং জিলাৰ স্বাস্থ্য বিভাগক দাবী জনাই আহিছিল যদিও আজি প্ৰায় সাত বছৰৰ পৰা আয়ুৰ্বেদিক চিকিৎসক এজনক চিকিৎসালয়খনৰ দায়িত্বত নিয়োজিত কৰাত সমস্যাত ভুগিছে ৰোগী সকল। পুৱা সাত বজাৰ পৰা শাৰী পাতি থকা ৰোগীসকলে নিতৌ বহু সময় ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি ঘৰলৈ উভতি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
Byte.. local people, patient
দৰঙৰ দলগাঁৱত চিকিৎসকৰ অভাৱত হাহাকাৰ ৰোগীৰ ৷
## মাত্ৰ এজন চিকিৎসকৰ ওপৰত নিৰ্ভৰ তিনি শতাধিক ৰোগী #
Body:
দলগাও /১০ আগষ্ট
দৰঙৰ দলগাঁও ৰাজ্যিক চিকিৎসালয় খনত দীৰ্ঘ দিনৰ পৰা চিকিৎসকৰ অভাৱত ভুগিছে যদিও আজিলৈ স্বাস্থ্য বিভাগে কোনো গুৰুত্ব নিদিয়াত দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখ্য যে জনবসতি প্ৰধান অঞ্চলটোৰ একমাত্ৰ দলগাঁও ৰাজ্যিক চিকিৎলালয় খন দীৰ্ঘদিন ধৰি চলি আছে এজন চিকিৎসকৰ দ্বাৰা ৷ বহু দিনৰ পৰা অঞ্চলটোৰ ৰাইজে অভিজ্ঞ চিকিৎসক এজনক চিকিৎসালয় খনৰ দায়িত্বত দিবলৈ দৰং জিলাৰ স্বাস্থ্য বিভাগক দাবী জনাই আহিছিল যদিও আজি প্ৰায় সাত বছৰৰ পৰা আয়ুৰ্বেদিক চিকিৎসক এজনক চিকিৎসালয় খনৰ দায়িত্বত দিয়াত সমস্যাত ভুগিছে ৰোগী সকল । পুৱা সাত বজাৰ পৰা শাৰী পাতি থকা ৰোগীসকলে বহূ সময় চিকিৎসকৰ অভাৱত ওভতি যাব লগীয়া হয় ঘৰলৈ ।Conclusion:৷ অতি শীঘ্ৰেই চিকিৎসালয় খনত অভিজ্ঞ চিকিৎসক নিযুক্তিৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে৷
আব্দুল হাকিম
দলগাও ।