ETV Bharat / state

দিপাৱলীৰ নিশা পোহৰৰে উদ্ভাসিত কৰিবলৈ ব্যস্ত মৃণ্ময় শিল্পী

author img

By

Published : Oct 22, 2019, 12:04 PM IST

Updated : Oct 22, 2019, 12:10 PM IST

এই সম্পৰ্কত খাৰুপেটীয়াৰ এগৰাকী মৃৎ শিল্পীয়ে কয় যে, আমি কামৰূপ জিলাৰ পৰা অধিক দামত মাটি ক্ৰয় কৰি অত্যাধিক হাৰত ভাৰা দি মাটি আনি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰে যদিও চীনত নিৰ্মিত চাইনা লাইটৰ বাবে মাটিৰ চাকিৰ চাহিদা লাহে লাহে কমিবলৈ ধৰিছে ।

মৃণ্ময় শিল্পীৰ ব্য়স্ততা

ওদালগুৰি, খাৰুপেটীয়া, 22 অক্টোবৰঃ দুৰ্গোৎসৱ আৰু লক্ষী পূজাৰ পিছত এইবাৰ মৃৎ শিল্পী সকল ব্যস্তহৈ পৰিছে কালীপূজা অৰ্থাৎ পোহৰৰ উৎসৱ দীপান্বিতাৰ চাকি বনোৱাত । দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ পৰিপেক্ষিতত ৰাজ্যজুৰি মৃৎশিল্পী সকলৰ বৃদ্ধি পাইছে ব্যাপক তৎপৰতা । দিন ৰাতি একাকাৰ কৰি পুৰুষ মহিলা সকলো মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে যদিও ৰং-বিৰঙী চীনত নিৰ্মিত লাইটে চাহিদা কমাইছে মাটিৰ চাকিৰ । যাৰ বাবে দূৰ দূৰণিৰ পৰা মাটি ক্ৰয় কৰি আনি প্ৰস্তুত কৰা প্ৰতিটো মাটিৰ চাকি বজাৰত বিক্ৰী কৰিব লগা হৈছে ৪০/ ৫০ পইচা দৰত ৷

DIWALI BYSTOTA
মাটিৰ পাত্ৰ নিৰ্মানত ব্যস্ত কুমাৰ

ফলত আৰ্থিক দৈনতাৰ সন্মুখীন হৈছে মৃৎশিল্পী সকল । এই সম্পৰ্কত খাৰুপেটীয়াৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে, আমি কামৰূপ জিলাৰ পৰা অধিক দামত মাটি ক্ৰয় কৰি অত্যাধিক হাৰত ভাৰা দি মাটি আনি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰো যদিও চীনত নিৰ্মিত লাইটৰ বাবে মাটিৰ চাকিৰ চাহিদা লাহে লাহে কমিবলৈ ধৰিছে । বহু পৰিয়ালে এই পৰম্পৰাগত মাটিৰ চাকিৰ ব্যৱহাৰ বন্ধ কৰি দিছে । যদি চৰকাৰে চীনত নিৰ্মিত এই ৰং বিৰঙী লাইট সমূহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এটা সময়ত মাটিৰ চাকিৰ পৰম্পৰা হয়তো বন্ধ হৈ পৰিব ।

DIWALI BYSTOTA
মাটিৰ চাকি

Intro:Slug= Dipawali_Saaki_
Byte=Mrit Shilpi_

## দিপাৱলীৰ চাকি বনোৱাত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী ।
## চীনা ৰং- বিৰংগী লাইটে চাহিদা কমাইছে পৰম্পৰাগত মাটিৰ চাকি ।
## প্ৰতিটো চাকি বিক্ৰী হয় ৪০/ ৫০ পইছাত ।

Body:
; দলগাও; ২১ অক্টোবৰ

দুৰ্গোৎসৱ আৰু লক্ষী পূজাৰ পিছত এইবাৰ মৃৎশিল্পী সকল ব্যস্তহৈ পৰিছে কালীপূজা অৰ্থাত পোহৰৰ উৎসব দীপান্বিতাৰ চাকি বনোৱাত । দীপাৱলীৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ পৰিপেক্ষিতত দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী শ্মশান পট্টীৰ মৃৎশিল্পী সকলৰ বৃদ্ধি পাইছে ব্যাপক তৎপৰতা । দিন ৰাতি একাকাৰ কৰি এওলোকৰ পৰিয়ালৰ পুৰুষ মহিলা সকল মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে যদিও -ৰং-বিৰংঙী চাইনা লাইটে চাহিদা কমাইছে মাটিৰ চাকিৰ ।যাৰ বাবে দুৰ দুৰনিৰ পৰা মাটি ক্ৰয় কৰি আনি প্ৰস্তুত কৰা লাখ লাখ মাটিৰ প্ৰতিটো চাকি জিলাখনৰ লগতে অন্যান্য জিলাৰ বজাৰতো বিক্ৰী কৰিব লগা হৈছে ৪০/ ৫০ পইছাত , ফলত আৰ্থিক ভাৱে দৈনত্যাৰ সন্মুখীন হৈছে মৃৎশিল্পী সকল । এই সম্পৰ্কত খাৰুপেটীয়াৰ শ্মশান পট্টীৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে আমি কামৰূপ জিলাৰ পৰা অধিক দামত মাটি ক্ৰয় কৰি অত্যাধিক হাৰত ভাৰা দি মাটি আনি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰো যদিও নানা ধৰণৰ চাইনা লাইটৰ বাবে মাটিৰ চাকিৰ চাহিদা লাহে লাহে কমিবলৈ ধৰিছে । এই পৰম্পৰাগত মাটিৰ চাকি আজিৰ বহু পৰিয়ালে ব্যৱহাৰ কৰা বন্ধ কৰি দিছে । যদি চৰকাৰে চীনা ৰং বিৰঙী লাইট সমূহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এটা সময়ত আমাৰ মাটিৰ চাকিৰ পৰম্পৰা হয়তো বন্ধ হৈ পৰিব ।

Conclusion:। কোনো ধৰণৰ চৰকাৰী সহায় সাহাৰ্য্য অবিহনে পূৰ্ব পুৰুষ সকলে কৰা পৰম্পৰাগত ব্যবসায় মৃৎশিল্পীয়ে বৰ্তমানো বৰ্তাই ৰাখিছে যদিও এই শিল্পী সকলৰ প্ৰতি কোনো এখন চৰকাৰে সু দৃষ্টি নিদিয়াটো পৰিতাপৰ বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে ।
===
আব্দুল হাকিম ।
দলগাও ।

Last Updated : Oct 22, 2019, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.