ETV Bharat / state

দৰঙত সংগ্ৰামী নেতাই সলালে সংগ্ৰামৰ পথ ! - দৰং জিলা

স্বাধীন অসমৰ সপোন দেখা দৰঙৰ যুদ্ধ বিৰতি আলফা গোটে এতিয়া হাতে কামে লাগি আত্মনিৰ্ভৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে প্ৰায় ৫০ বিঘা মাটিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷

DGP BHASKAR JYOTI MAHANTA ATTENDED AT RAMHARI DARRANG DISTRICT
দৰঙত সংগ্ৰামী নেতাই সলালে সংগ্ৰামৰ পথ !
author img

By

Published : Jun 15, 2020, 11:31 PM IST

দৰং, 15 জুনঃ দৰং জিলাৰ একাংশ আলোচনাপন্থী আলফা সদস্যই হাতে কামে লাগি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে দৰং জিলাৰ ৰামহৰিত 50 বিঘা ভূমিত আৰম্ভ কৰিছে সেউজ বিপ্লৱ ৷ এই কাৰ্যসূচীত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷

আলফাৰ আলোচনাপন্থী সদস্যসকলে স্বাধীন অসমৰ সপোনৰ আশা ভংগ কৰি এতিয়া হাতে কামে লাগি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা ৰাখিছে । বন্দুক এৰিছে কিন্তু এৰা নাই সংগ্ৰাম, এতিয়া মাথো সলনি হৈছে সংগ্ৰামৰ পথ । এতিয়া হাতত কোৰ,ট্ৰেক্টৰ লৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাট বিচাৰি সংগাম চলাইছে এইসকল কেডাৰে । দৰঙৰ ৰামহৰিত প্ৰায় ৫০ বিঘাত মাটিত প্ৰানজিৎ শইকীয়াৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী আলোচনাপন্থী আলফা সদস্যই সপোন দেখিছে সেউজ বিপ্লৱৰ ৷ প্ৰাক্তন আলফা সদস্যসকলৰ সেউজ বিল্পৱৰ শুভাৰম্ভণি অনুষ্ঠানত সোমবাৰে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত । উপস্থিত হৈ আৰক্ষী প্ৰধান গৰাকীয়ে ট্ৰেক্টৰেৰে হাল বাই সকলোকে উৎসাহ দিয়াৰ লগতে সকলোকে দৃষ্টি আকৰ্ষণ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক গুৰুজ্যেতি দাস, আইজিপি হীৰেন নাথৰ লগতে অভিনেতা প্ৰাঞ্জল শইকীয়া ৷ উক্ত অনুষ্ঠানত সাৱলীল ভাষাৰে কবিতা আবৃত্তি কৰে অভিনেতা প্ৰাঞ্জল শইকীয়াই ৷

দৰঙত সংগ্ৰামী নেতাই সলালে সংগ্ৰামৰ পথ !

আনহাতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আলোচনাপন্থী সদস্যসকলৰ এই পদক্ষেপক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷ লগতে সকলো লোককে ঘৰত বহি নাথাকি আত্মনিৰ্ভৰশীল হৈ কৃষি, বানিজ্য যি কোনো কামত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে ৷ বিশেষকৈ যিসকল লোকে এইদৰে আগবাঢ়ি আহিছে তেওঁলোকক চৰকাৰ প্ৰশাসনৰ পৰা সকলো সা-সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷ লগতে বৰ্তমান সময়ত বজাৰ দখল কৰিবলৈ সকলো লোককে বিশেষভাৱে আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধানজনে ৷

লগতে পঢ়ক- বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.