দলগাঁও,১৩অক্টোবৰঃ দলগাঁৱত মঙলবাৰে উদ্ধাৰ হয় এটা মৃতদেহ । দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বৰকুৰ গাৱঁৰ দ খাৱৈৰ পানীত ওপঙি থকা অৱস্থাত পুৱা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি দলগাঁও আৰক্ষীক খবৰ দিয়ে ।
ইপিনে খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনুমানিক ৩৫ বছৰৰ মৃত ব্যক্তি গৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা