দৰং, 21 মে': সমগ্ৰ দেশতে কাল কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে দৰং জিলাত ক্ৰমাৎ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা ৷ বিগত 18 মে'ত জিলাখনত আক্ৰান্তৰ হাৰ 14% হোৱাৰ বিপৰীতে 20 মে'ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে 8 % লৈ ৷
![DC visits Covid Care Centre in Darang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11838404_634_11838404_1621560522796.png)
স্বাস্থ্য বিভাগৰ পৰা এই ভাল খবৰ লাভ কৰাৰ পাচতে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় আৰু জনাৰাম মডেল হাস্পতালত স্থাপিত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাওচেনে ৷ উপায়ুক্ত গৰাকীয়ে দুয়োটা চেন্টাৰৰ দ্বায়িত্বত থকা চিকিৎসকসকলৰ সৈতে চিকিৎসা, খাদ্যৰ লগতে অন্যান্য সা সুবিধা সমুহৰ বুজ লয় ৷
জিলাখনৰ স্বাস্থ্য বিভাগৰ দ্বায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পঞ্চমী চৌধুৰীয়ে ক'ভিড কেয়াৰ চেন্টাৰ সমূহত এইবেলি অক্সিজেনৰ পৰ্যাপ্ত সুবিধা ৰখাৰ বিষয়ে উপাযুক্ত গৰাকীৰ আগত সদৰি কৰি কয় যে, ৰোগীসকলৰ অক্সিজেন লেভেল হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত চিলিণ্ডাৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ উপায়ুক্ত গৰাকীৰ পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত পংকজ ডেকা আৰু কমলজিৎ শৰ্মাইয়ো সংগ দিয়ে ৷
লগতে পঢ়ক : লক ডাউনে অশনি সংকট নমাই আনিছে মুখাশিল্পী সকললৈ