দৰং, 3 জুন: দৰঙত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ আবকাৰী বিভাগে কৰিবলগীয়া কামো কৰিবলগীয়া হৈছে দৰং আৰক্ষীয়ে । আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ, মঙলদৈ সদৰ আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ চেঙেলীয়াপাৰা, বাংলাগড় আদি ঠাইত চুলাই মদৰ কেইবাটাও ঘাটি উৎখাত কৰে ৷
মঙলদৈ সদৰ থানাৰ আৰক্ষী বিষয়া দান্তেজিত দেউৰীৰ নেতৃত্বত চলা এক অভিযানত 8 টাকৈ চুলাই মদৰ কাৰখানা ধ্বংশ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰায় দুই হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰে আৰক্ষী বাহিনীয়ে ৷ অৱশ্যে, আৰক্ষীৰ আগমণৰ উমান পাই কাৰখানাৰ গৰাকীয়ে পলায়ন কৰাত চুলাই ব্যৱসায়ীক আটক কৰাত আৰক্ষী বিফল হয় ৷ অৱশ্যে চুলাই মদৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে ৷
লগতে পঢ়ক : উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ