মঙলদৈ,২৮এপ্ৰিল: দৰঙত বৃহস্পতিবাৰে ৮৭ গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ দেখা পোৱা গৈছে ৷ ইয়াকে লৈ জিলাখনত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ক'ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা ৮১৫ গৰাকীলৈ বৃদ্ধি পালে । সম্প্ৰতি জিলাখনত চিকিৎসাধীন হৈ আছে ৪৯৩ গৰাকী ক'ভিড আক্ৰান্ত । তাৰে ৭৪ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৪১৭ গৰাকী ঘৰত আছুতীয়াকৈ আছে বুলি জানিব পৰা গৈছে ।
একেদৰে চিকিৎসালয় খনত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৪ গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ৩২ গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ লগতে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ৪ গৰাকী আৰু গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত ৪ গৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ইফালে বৃহস্পতিবাৰে জিলাখনত ক'ভিড-19ৰ 1663 গৰাকীক ৰেপিড এন্টিজেন টেষ্ট (RAT) আৰু ২২৫ টা আৰ টিপিচিআৰ (RTPCR) টেষ্ট সম্পন্ন কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷ তাৰ সমান্তৰালভাৱে, দৰঙত বৃহস্পতিবাৰৰ দিনটোত দুগৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷
লগতে পঢ়কঃ আৰক্ষীৰ বৃহৎ কনভয়েৰে লৈ অনা হ'ল জীৱন মৰাণক