মঙলদৈ,৩০ এপ্ৰিল: দৰঙত শুকুৰবাৰে পুনৰ ৮৫ গৰাকীৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰে । সম্প্ৰতি জিলাখনত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৯০০ গৰাকীলৈ বৃদ্ধি পাইছে । ইপিনে বৰ্তমান জিলাখনত ৫৬৩ গৰাকী ক'ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে। তাৰে ৭০ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৪৯১ গৰাকী ক’ভিড-19 আক্ৰান্ত নিজ ঘৰতে আছুতীয়াকৈ আছে ।
উল্লেখযোগ্য যে, চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৮ গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ২৩ গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ একেদৰে গুৱাহাটীৰ জি এনআৰচি হস্পিতালত ৪ গৰাকী আৰু নাৰায়ন হৃদালয়াত এজন লোক চিকিৎসাধীন হৈ আছে ৷
ইফালে শুকুৰবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ ১৬৬৩ টা ৰেপিড্ এন্টিজেন টেষ্ট (RAT) আৰু ২২৫ টা আৰ টি পি চিআৰ (RTPCR) টেষ্ট সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ প্ৰতিষেধক বিতৰণৰ বাবে তেলেংগানাত হ'ব ড্ৰোণ ব্যৱহাৰৰ পৰীক্ষণ