ETV Bharat / state

দৰঙত পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি নতুনকৈ ২২ জন আক্ৰান্ত ক'ভিডত - দৰং

দ্ৰুত হাৰত বৃদ্ধি পাইছে দৰং জিলাত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰলৈ দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৪৪ জনলৈ বৃদ্ধি পালে ৷

দৰঙত পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি নতুনকৈ ২২ জন আক্ৰান্ত ক'ভিডত

author img

By

Published : Jul 18, 2020, 4:59 AM IST

দৰং, 18 জুলাইঃ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লৈছে দৰং জিলাত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ শুকুৰবাৰে দৰং জিলাত নতুনকৈ 22 গৰাকী কৰ’ণা আক্ৰান্ত লোক চিনাক্ত হয় ৷ এই 22 গৰাকী আক্ৰান্তৰ ভিতৰত আছে মঙলদৈ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মাৰ উপৰিও সঞ্জীৱনী ১০৮ মৃত্যুঞ্জয়ৰ কৰ্মচাৰী অৰূপ তালুকদাৰ । উল্লেখ্য যে, শুকুৰবাৰলৈ জিলাখনত আক্ৰান্তৰ মুঠ সংখ্যা 544 জনলৈ বৃদ্ধি পাইছে ৷

ইফালে দৰঙত বাঢ়ি অহা ক'ভিড আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মঙলদৈ চহৰৰ ইচ্ছুক লোকসকলে যাতে শ্লেষ্মাৰ নমুনা প্ৰদান কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । শুকুৰবাৰৰ পৰা মঙলদৈ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত স্বাস্থ্য বিভাগৰ এটা দলে স্বাৱ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । প্ৰতিদিনে পুৱা ৯-৩০ বজাৰ পৰা আবেলি ৪ বজালৈ স্বাস্থ্য বিভাগৰ এই দলটিয়ে সেৱা আগবঢ়াব ৷ কোনো লোকে জ্বৰ, কাঁহ, চৰ্দি তথা উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰিলে তেনে লোকক উক্ত কেন্দ্ৰলৈ গৈ শ্লেষ্মাৰ নমুনা প্ৰদান কৰিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে ৷ এই কেন্দ্ৰত শুকুৰবাৰে প্ৰায় ৪৫ জন লোকক ৰেপিড এন্টিজেন্ট কীটৰ সহায়ত পৰীক্ষা কৰোৱা হয় ৷

লগতে পঢ়কঃ বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.