দৰং,১২মাৰ্চ: মৰণফাণ্ডত পৰিণত হৈছে ছিপাঝাৰ সমষ্টিৰ কালজুৰি গাঁৱত থকা এখন বাঁহৰ দলং ৷ দীৰ্ঘদিনৰ পৰা কালজুৰি অঞ্চলৰ ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে এই শিয়ালকান্দা বান্ধৰ ওপৰত থকা বাঁহৰ দলঙখনেৰে ৷ যাৰ বাবে মঙলবাৰে এগৰাকী শিশুয়ে বান্ধৰ ওপৰত থকা বাহৰ দলঙেৰে চাইকেলেৰে পাৰ হওঁতে বাঁহৰ দলংখন ভাগি পৰে । ফলত প্ৰায় ৩০ ফুট তলত পৰি গুৰুত্বৰ ভাবে আহত হয় শিশুটি ৷ জানিব পৰা মতে আহত শিশুটিৰ নাম দিপাংকৰ ৰাভা ৷ পাচত গুৰুত্বৰ ভাবে আহত শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে স্থানীয় ৰাইজে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক বাৰে বাৰে আবেদন জনোৱাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰাত এনেধৰনৰ ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ কৰিছে একাংশ সচেতন ৰাইজে ৷
দৰঙত বাঁহৰ দলঙৰ পৰা পৰি গুৰুতৰ ভাবে আহত শিশু - গুৱাহাটী মহেন্দ্ৰ মোহন চিকিৎসালয়
আহত শিশুটিক গুৱাহাটী মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ প্ৰেৰণ