ETV Bharat / state

ক’ভিড প্ৰট’কল অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ দৰং প্ৰশাসন

author img

By

Published : Apr 20, 2021, 4:12 PM IST

ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বে সষ্টম হৈ পৰিছে দৰং জিলা প্ৰশাসন ৷ মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ লগতে নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান দৰং আৰক্ষীৰ ৷

darrang administrative going againts covid protocol breakers
ক’ভিড প্ৰটকল অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ দৰং জিলা প্ৰশাসন

দলগাঁও,20 এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙতো দৈনিক দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত পুনৰ ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বে সষ্টম হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনত কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি খাৰুপেটীয়া নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া শৰৎ গগৈয়ে খাৰুপেটীয়া আৰক্ষীৰ সহযোগত মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে অভিযান চলায় । অভিযানত ক’ভিড প্ৰটকল অমান্য কৰি মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহে আৰক্ষীয়ে । লগতে ক’ভিডৰ সকলো নীতি-নিয়ম মানি চলাৰ বাবে ৰাইজক আহ্বান জনায় ।

উল্লেখযোগ্য যে, সোমবাৰে খাৰুপেটীয়া আৰক্ষীয়ে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ খাৰুপেটীয়া নগৰৰ লগতে বিভিন্ন অঞ্চলত মাইকযোগে ঘোষণা কৰি ৰাইজক আহ্বান জনায় ৷ উক্ত নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিয়ে আৰক্ষীয়ে ।

ক’ভিড প্ৰট’কল অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ দৰং প্ৰশাসন

ইফালে জিলাখনৰ স্বাস্থ্য বিভাগে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, সোমবাৰে দিনত জিলাখনত ৩২ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি পায় । এইসকলৰ ভিতৰত সম্প্ৰতি ৯৪ জন লোকেই হৈ আছে চিকিৎসাধীন ।

লগতে পঢ়ক : কৰ’ণা ভাইৰাছত আক্ৰান্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.