ETV Bharat / state

সত্ৰীয়া নৃত্যৰে গৌৰৱ বুটলিছে মঙলদৈৰ ডৰথী এঞ্জেলা কাশ্যপে

সত্ৰীয়া নৃত্যৰে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ ডৰথী এঞ্জেলা কাশ্যপে। মঙলদৈ ত্ৰিনয়ন সংগীত বিদ্যালয়ৰ ছাত্ৰী ডৰথীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সত্ৰীয়া নৃত্য় প্ৰদৰ্শন কৰি সফলতা বুটলিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Oct 12, 2020, 3:55 PM IST

Updated : Oct 12, 2020, 4:02 PM IST

ডৰথী এঞ্জেলা কাশ্যপ
ডৰথী এঞ্জেলা কাশ্যপ

দৰং, 12 অক্টোবৰ: সত্ৰীয়া নৃত্যৰে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰং জিলাৰ মঙলদৈৰ অন্তৰ্গত জ্যোতি নগৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ডৰথী এঞ্জেলা কাশ্যপে ৷ মঙলদৈ ত্ৰিনয়ন সংগীত বিদ্যালয়ৰ ছাত্ৰী ডৰথীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চৰ লগতে,ৰাষ্ট্ৰীয় পৰ্যায়তো দিল্লী,বেনাৰস,নাগপুৰ,চিমলা আদি স্থানলৈ গৈ নিজ প্ৰতিভাৰে বহু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

সত্ৰীয়া নৃত্যৰে গৌৰৱ বুটলিছে মঙলদৈৰ ডৰথী এঞ্জেলা কাশ্যপে

উল্লেখ্য যে, ডৰথীয়ে সত্ৰীয়া নৃত্যত নিত্ৰাশ্ৰী আৰু নিত্য ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে ৷ লক ডাউনৰ সময়ত অনলাইন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈয়ো পুৰস্কাৰ লাভ কৰিছে ডৰথী এঞ্জেলা কাশ্যপে ৷ সত্ৰীয়া নৃত্যত অসম সত্ৰ মহাসভাৰ তৰফৰ পৰাও অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈয়ো সক্ষম হৈছিল ডৰথীয়ে ৷ সত্ৰীয়া গুৰু কুশল ডেকাৰ শিষ্য ডৰথীৰ সফলতাই উৎফুল্লিত কৰিছে মঙলদৈবাসীক ৷

লগতে পঢ়ক: নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEY CHAIN' উদ্ভাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

Last Updated : Oct 12, 2020, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.