দৰং 24 এপ্ৰিলঃ মঙলদৈ বালাবাৰী পঞ্চায়তৰ ২নং ঠেকেৰাবাৰী গাঁৱত কৃষকসকলে অতি কষ্টৰে কৰা খেতিৰ ফচল এতিয়া গৰুৱে খাইছে পথাৰত। শ শ ৰঙালাউ পচি গৈছে খেতি পথাৰতে দিক্ বিদিক হেৰাই পেলাইছে এতিয়া কৃষকসকলে । ৫ বিঘা মাটিত প্ৰায় দুই লাখ টকা খৰচ কৰি ৰঙালাউ খেতি কৰিছিল যদিও আধা সংখ্যক ৰঙালাউ পচি গৈছে পথাৰতে ৷
লক ডাউনৰ বাবে বিক্ৰী কৰিব পৰা নাই উৎপাদিত ৰঙালাউ সমূহ ৷ আনহাতে আংশিকভাৱে লক ডাউন শিথিল কৰি দিয়া হৈছে যদিও এতিয়াও অহা নাই পাইকাৰী ব্যৱসায়ীসকল ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে । বিগত বছৰত ৰঙালাউ খেতি কৰি অধিক লাভৱান হ'বলৈ সক্ষম হৈছিল যদিও এইবছৰ লক ডাউন আৰু বৰষুণ অহাৰ লগে লগে পথাৰতে গেলিবলৈ আৰম্ভ কৰিছে ৰঙালাউ সমূহ ৷ বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগীয়া হৈছে কৃষকসকল ।
লগতে চাওক ঃ নগাঁৱত লক ডাউনত দিশহাৰা কৃষক