দলগাঁও,19 ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বিভাগে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰং জিলা আৰক্ষীয়েও হাতত লৈছে বিশেষ পদক্ষেপ ৷ শনিবাৰে জিলাখনৰ বেছিমাৰীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত জিলাৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত দলগাঁও থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় ৷
এই অভিযানত আৰক্ষীৰ দলটোৱে মাস্ক আৰু হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে তালাচী অভিযান চলাই জৰিমনা বিহে ৷ ইপিনে,দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ মিলিয়ে ক'ভিড-19ৰ প্ৰট'কল ভংগ কৰি যিসকল লোকে মাস্ক পৰিধান নকৰে তেওঁলোকক মাস্ক আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ৷
আনহাতে,অনাগত দিনত কৰ'ণাক ভ্ৰুক্ষেপ নকৰি মাস্ক ব্যৱহাৰ নকৰা লোকৰ লগতে হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়কঃবৰ্তমানলৈ শাৰদীয় বিশেষে ভুমুকি মৰা নাই গ্ৰন্থৰ বিপণীত