দলগাঁও, 3 অক্টোবৰ : দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ২ নং মাজগাঁৱত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহ টো উদ্ধাৰ হোৱাৰ পিচত অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য৷ অভিযোগ মতে, গাঁও খনৰ ছাবেদ আলীৰ পুত্ৰ অলি উল্লাহৰ ধান খেতিৰ মাজেৰে আব্দুল ৰশ্বিদৰ পুত্ৰ জামাল উদ্দিনে ট্ৰেক্টৰ চলোৱাত বাধা প্ৰদান কৰাৰ বাবে দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । তাৰ পিছৰে পৰাই অলি উল্লাহৰ পৰিয়ালক ভাবুকি প্ৰদান কৰি আহিছে জামাল উদ্দিনৰ পৰিয়ালে ।
শনিবাৰে নিশা প্ৰায় ১০ মান বজাত প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলাই যায় অলি উল্লাহ । তাৰ পিছৰে পৰা নিখোজ হয় অলি উল্লাহ, পুৱা ঘাঁহ কাটিবলৈ যোৱাত জংঘলৰ মাজত আলি উল্লাহৰ মৃতদেহটো প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকৰ মতে, এইয়া হত্যাকাণ্ড ৷
এই হত্যা কাণ্ডৰ লগত জামাল উদ্দিনৰ পৰিয়াল জড়িত থকাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । ঘটনাৰ খবৰ পাই দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যায় । দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীয়ে দৈপাম আৰক্ষী চকীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে ৷
লগতে পঢ়ক : Police Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ