ETV Bharat / state

দলগাঁৱৰ এখন বিদ্যালয়ে এদল ছাত্ৰীক দেখুৱাইছে নতুন সপোন

দৰং জিলাৰ দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে শিক্ষাদান দিছে বিভিন্ন কাৰণত বিদ্যালয় এৰিবলৈ বাধ্য হোৱা 80 গৰাকী ছাত্ৰীক ৷ পাঠ্যক্ৰমৰ লগতে ছাত্ৰী সকলক মানৱ সম্পদ ৰূপে গঢ় দিবৰ বাবে প্ৰয়েজনীয় সকলো শিক্ষা প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

dalgaon kasturba gandhi school adopted 80 girls
আদৰ্শ বিদ্যালয় ৰূপে প্ৰতিষ্ঠিত হৈছে দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
author img

By

Published : Jan 10, 2020, 6:46 PM IST

দৰং , 10 জানুৱাৰীঃ দৰং জিলাৰ এখন বিদ্যালয় ৷ আন বিদ্যালয়তকৈ কিছু ব্যতিক্ৰম এইখন বিদ্যালয় ৷ অৰ্থনৈতিক তথা বিভিন্ন কাৰণত নিজৰ সপোন আধাতে সামৰি শিক্ষা জীৱন আধৰুৱা কৰিবলৈ বাধ্য হোৱা এদল ছাত্ৰীক এইখন বিদ্যালয়খনে দেখুৱাইছে নতুন জীৱনৰ সপোন ৷

বিদ্যালয়খনৰ নাম দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৷ দৰং জিলাৰ দলগাঁওস্থিত এইখন বিদ্যালয়ত চলিছে আধাতে শিক্ষা জীৱন সামৰিবলৈ বাধ্য হোৱা দৰিদ্ৰ ঘৰৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলক মানৱ সম্পদৰূপে গঢ় দিয়াৰ আখৰা ৷ শিক্ষাৰ পৰা আৰম্ভ কৰি বিদ্যালয় খনত দিয়া হয় বিভিন্ন আচবাৱ নিৰ্মাণ, গীত-নৃত্যৰ আদিৰ লগতে আত্মৰক্ষাৰ বাবে দিয়া হয় কুংফু-কাৰাটেৰ প্ৰশিক্ষণ ৷ এক নান্দনিক পৰিবেশত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠদানৰ লগতে বিদ্যায়লখনত প্ৰত্যেকগৰাকী ছাত্ৰীক প্ৰকৃত আৰু পূৰ্ণাংগ মানৱ ৰূপে গঢ় দিয়াৰ চেষ্টা চলোৱা হয় ৷ ব্যায়াম ,সংগীত, নৃত্য ,চিলাই , ৰন্ধাবঢ়া, খেতি বাতি কৰা , ফুলদানী নিৰ্মাণৰ লগতে কুংফু-কাৰাটেৰ প্ৰশিক্ষণ প্ৰাপ্ত বিদ্যালয় খনৰ দুগৰাকী ছাত্ৰীয়ে ইতিমধ্যে জিনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক ৷

আদৰ্শ বিদ্যালয়খনত প্ৰত্যেক দেওবাৰে অনুষ্ঠিত হয় দেওবৰীয়া আড্ডা ৷ য’ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক দিয়া নিজ প্ৰতিভা বিকাশৰ মঞ্চ ৷ উল্লেখযোগ্য যে, দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তগৰ্ত দলগাঁওস্থিত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত বৰ্তমান অধ্যয়ণৰত হৈ আছে আধাতে পাঠদান এৰিবলৈ বাধ্য হোৱা দৰিদ্ৰ ঘৰৰ ৮০ গৰাকী ছাত্ৰী ।

আদৰ্শ বিদ্যালয় ৰূপে প্ৰতিষ্ঠিত হৈছে দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

লগতে পঢ়কঃগৌৰী লংকেশ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

Intro:Slug = Kasturba Gandhi Valika Vidyalay

Byte : Teachers & Students

## আধাতে বিদ্যালয় এৰা গাঁৱৰ ফুলকুমলীয়া ছাত্ৰীক মানব সম্পদ হিচাপে গঢ় দিয়া এখন বিদ্যালয় ।
## শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন আচবাব নিৰ্মাণ, গীত নৃত্যৰ আদিৰ লগতে আত্মৰক্ষাৰ বাবেও দিয়া হয় কুংফু কেৰাটেৰ প্ৰশিক্ষণ ।
##পিচে কত এইখন চৰকাৰী খণ্ডৰ বিদ্যালয় । চাওক এই প্ৰতিবেদন ।

Body:

দলগাঁও/ 10 জানুৱাৰী

: বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰা গাঁৱৰ ফুলকুমলীয়া অতি দৰিদ্ৰ ঘৰৰ ছাত্ৰী সকলৰ ফুলৰ দৰে বুটলি আনি মানব সম্পদ হিচাপে গঢ় দিয়া এখন চৰকাৰী খণ্ডৰ বিদ্যালয় , নাম দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৷ এক নান্দনিক পৰিবেশত এইখন বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে দিয়া হয় পাঠদান । মাথো পাঠদানেই নহয় এই সকল ছাত্ৰীক ব্যায়াম ,সংগীত, নৃত্য ,চিলাই , ৰন্ধাবঢ়া, খেতি বাতি কৰা , আচাৰ ফুলদানী আদি বনোৱাৰ লগতে আত্ম ৰক্ষাৰ কাৰণে দিয়া হয় কুংফু আৰু কেৰাটেৰ প্ৰশিক্ষণ । ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত;ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুগৰাকী ছাত্ৰী স্বৰ্ণ পদক জিকিবলৈ সক্ষম হয় । বিদ্যালয়ত প্ৰতি দেওবাৰে অনুষ্ঠিত হয় দেওবৰীয়া আড্ডা যত প্ৰতি গৰাকী ছাত্ৰীয়ে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

Conclusion:

দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তগৰ্ত দলগাঁওস্হীত এইখন কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত আধাতে পাঠদান এৰা দৰিদ্ৰ ঘৰৰ ৮০ গৰাকী ছাত্ৰী অধ্যয়নৰত আছে ।

আব্দুল হাকিম
দলগাঁও ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.