ETV Bharat / state

Dalgaon Journalists in crisis : দলগাঁৱৰ সাংবাদিক মানৱেন্দ্ৰ শইকীয়াক প্ৰৱঞ্চনা চৰকাৰৰ

author img

By

Published : Jan 11, 2023, 7:00 PM IST

আৰ্থিক সংকটত দলগাঁৱৰ সাংবাদিক মানৱেন্দ্ৰ শইকীয়া । ভুল চিকিৎসাৰ বাবে পংগু জীৱন কটোৱা সাংবাদিকগৰাকী কৃষিকৰ্মত জড়িত হৈ পৰিছে (Dalgaon Journalist starts farming)। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সহায়ৰ বাবে আহ্বান জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিলে অসম চৰকাৰে ।

Dalgaon Journalists in crisis
সাংবাদিক মানৱেন্দ্ৰ শইকীয়াক প্ৰৱঞ্চনা চৰকাৰৰ

দলগাঁও, ১১ জানুৱাৰী : সাংবাদিকতা কেৱল নিচা নহয় । বহু লোকৰ বাবে ই এতিয়া পেচা । সাংবাদিকতা কৰিয়ে ৰাজ্যৰ বহু সাংবাদিকে পৰিয়াল পোহপাল দি আছে । কিন্তু আনৰ খবৰ সংগ্ৰহ কৰি থকা একাংশ সাংবাদিকে কেতিয়াবা খবৰ হৈ পৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক নিগ্ৰহৰ দৰে ঘটনাও সংঘটিত হোৱা দেখা যায় (Journalist attack in Assam)। সমাজৰ এক সুকীয়া স্থানত যদিও সাংবাদিকসকলক ৰখা হয় কিন্তু কেতিয়াবা এই সাংবাদিকসকলেই বিভিন্নজনৰ দ্বাৰা বঞ্চিত আৰু লাঞ্চিত হ'বলগীয়া হৈছে । এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দলগাঁৱত । পোন্ধৰ বছৰ ধৰি দিনে নিশাই আনৰ বাতৰি‌ সংগ্ৰহ কৰা সাংবাদিক মানৱেন্দ্ৰ শইকীয়াৰ জীৱনলৈ এতিয়া অমানিশা নামি আহিছে ।

ভুল চিকিৎসাৰ‌ বলি হৈ বিগত ‌৬ বছৰ ধৰি পংগু জীৱন পাৰ কৰিবলগীয়া হৈছে সাংবাদিকগৰাকীয়ে । আনৰ সুখ দুখৰ বাতৰি সংগ্ৰহ কৰা এইগৰাকী সাংবাদিকৰ এতিয়া খবৰ লোৱা মানুহ কোনো নাই (Dalgaon Journalist in trouble)।

কিন্তু ইয়াৰ পাচতো হাৰ মনা নাই সাংবাদিক মানৱেন্দ্ৰ শইকীয়াই । তেওঁ সাংবাদিকতাৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম । সম্প্ৰতি সাংবাদিকগৰাকী আনৰ সহায় অবিহনে খোজ কাঢ়িব নোৱাৰে । যাৰ বাবে ৱাকাৰৰ সহায়ত তেওঁ খোজ কাঢ়ি চলা ফুৰা কৰে । তেনে পৰিস্থিতিৰ মাজতো তেওঁ এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে । ইয়াৰ উপৰিও তেওঁ কৃষিকৰ্মত আত্মনিয়োগ কৰিছে (Dalgaon Journalist starts farming)।

আৰ্থিক অভাৱ পূৰণৰ বাবে মানৱেন্দ্ৰ শইকীয়াই নতুনকৈ জৈৱিক পদ্ধতিৰে খেতি আৰম্ভ কৰিছে । নিজৰ ৫ বিঘা ভূমিত সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে আলু, মটৰ, বেঙেনা, বিট আদিৰ ‌‌লগতে ৪ বিঘাত মাকৈৰ খেতি কৰিছে সাংবাদিকগৰাকীয়ে । সম্প্ৰতি অঞ্চলটোত বহুতৰে বাবে আদৰ্শ হৈ পৰিছে সাংবাদিকগৰাকী ।

লক্ষণীয়ভাৱে আৰ্থিক সংকটত পৰা সাংবাদিকগৰাকীক সহায় কৰিবলৈ কিন্তু আজিলৈ কোনো আগবাঢ়ি নাহিল (Financial crisis of Dalgaon Journalist)। অসম চৰকাৰেও প্ৰৱঞ্চনা কৰিলে সাংবাদিকগৰাকীক । চৰকাৰৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰি সাংবাদিক মানৱেন্দ্ৰ শইকীয়াই কয় যে তেওঁৰ উন্নত চিকিৎসাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

তাৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰযোগে সাংবাদিকগৰাকীক সহায়ৰ বাবে আহ্বান জনাইছিল । কিন্তু অতি পৰিতাপৰ কথা যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অহা সেই পত্ৰখনকো গুৰুত্ব নিদিলে অসম চৰকাৰে । সেয়ে অসম চৰকাৰক সহায় কৰিবলৈ অতি আৱেগেৰে সাংবাদিকগৰাকীয়ে আহ্বান জনাইছে ।

লগতে পঢ়ক :Majuli Potter in trouble : ভোগালীৰ প্ৰাকক্ষণত সংকটত মাজুলীৰ মৃৎশিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.