ETV Bharat / state

দলগাঁৱত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি ধৰ্মঘট কাৰ্যসূচী - আজু

দলগাঁৱত জুৱাৰীয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি জাগৰণ মঞ্চ,ইত্তেহাদ ফ্ৰণ্ট অসম আৰু আমছুৰ সহযোগত এঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷ ২৪ জুলাই তাৰিখে জুৱাৰ ঘাটি সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজনে ৷ ইয়াৰ পাছতে সাংবাদিকজনক আক্ৰমণ কৰিছিল জুৱাৰীয়ে ৷

Dalgaon_Scribes_Attack_journalist
দলগাঁৱত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Jul 31, 2020, 5:34 PM IST

দলগাঁও,31 জুলাই: ৰাজ্যত অব্যাহত আছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ ধুবুৰীত সাংবাদিক নিৰ্যাতনৰ ঘটনা মাৰ নাযাওতে পুনৰ দৰঙতো সেই একেই ঘটনাৰে পুৰনাবৃত্তি হৈছিল ৷ দৰঙত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক জুৱাৰীয়ে আক্ৰমণ কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি ৷ যাৰ বাবে আজি দৰং জিলা সাংবাদিক সন্থাৰ উদ্যোগত জাগৰণ মঞ্চ,ইত্তেহাদ ফ্ৰণ্ট অসম আৰু আমছুৰ সহযোগত দলগাঁৱত ক'লা বেজ পৰিধান কৰি এঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷

দলগাঁৱত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি ধৰ্মঘট কাৰ্যসূচী

অন্য এক খবৰৰ বাবে:শ্বাসৰুদ্ধকৰ উশাহ !

উল্লেখ্য যে,যোৱা ২৪ জুলাই তাৰিখে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰী গাঁৱত বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ আৰক্ষী অধীক্ষকে চলোৱা অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল মংগলদৈৰ সাংবাদিক আবুল খায়েৰ ৷ ইয়াৰ পাছতেই সাংবাদিক আবুল খায়েৰক জুৱাৰীয়ে আক্ৰমণ কৰিছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ভুক্তভোগী সাংবাদিকগৰাকীয়ে দৈপাম আৰক্ষী চকীত ৰুজু কৰিছিল গোচৰ,কিন্তু বৰ্তমানেও আক্ৰমণকাৰী মুক্ত আকাশৰ তলত ঘুৰি আছে ৷ এই ঘটনাই এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই অপৰাধীক ৷ যাৰ বাবে দৰং জিলা সাংবাদিক সন্থাৰ উদ্যোগত ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় জিলাখনত ৷ এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে জাগৰণ মঞ্চ, ইত্তেহাদ ফ্ৰণ্ট অসম আৰু আমছুৰ সদস্যসকল ৷ সংগঠনকেইটাৰ সদস্যসকলে আক্ৰমণকাৰী জুৱাৰীক গ্ৰেপ্তাৰৰ লগতে জিলাখনত চলা তীৰ,জুৱা খেলসমূহ অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায় ৷ ধৰ্মঘটৰ পিছত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, গৃহ সচিব, গৃহমন্ত্ৰী আৰু সদৌ অসম সাংবাদিক সন্থালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.