দলগাঁও,২৭ মাৰ্চ: দৰং জিলাৰ দলগাঁৱত শনিবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয় আব্দুল ছামাদ নামৰ এজন লোকে । জানিব পৰা মতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দলগাঁও খুটি গাঁৱৰ আব্দুল ছামাদ নামৰ ব্যক্তিজনে গছৰ ডাল কাটি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনা ।
গছৰ কটা ডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত অহাত মৃত্যুক সাৱটি লয় লোকজনে । দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আহেদ আলী নামৰ ব্যক্তিজনৰ ঘৰত দিন হাজিৰা কৰি আছিল লোকজনে ।
ব্যক্তিজন বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছতো বহু সময় জীৱিত আছিল যদিও বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মৃত্যুক আকোঁৱালি লবলগীয়া হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে । ঘটনাস্থলীত দলগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যায় । আনহাতে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই ৰাইজে ।
লগতে পঢ়ক:কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামাৰ