ETV Bharat / state

মৰণফান্দত পৰিণত দলগাঁৱৰ এখন দলং - চকুমুদা কুলি

দৰঙৰ দলগাঁৱৰ শ্যামপুৰ - খাৰুপেটীয়া মূল সংযোগী পথত থকা পকী দলঙৰ এটা অংশ বানে খহাই নিয়াৰ ফলত বিগত দুমাহ ধৰি বিঘ্নিত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ চকু মুদা কুলিৰ ভাৱত স্থানীয় বিধায়ক ইলিয়াচ আলি ৷

মৰণফান্দত পৰিণত দলগাঁৱৰ এখন দলং
author img

By

Published : Aug 29, 2019, 7:46 PM IST

দৰং, 29 আগষ্টঃ দলগাঁৱত মৰণফান্দত পৰিণত পকী দলং ৷ দৰঙৰ দলগাঁৱৰ শ্যামপুৰ - খাৰুপেটীয়া মূল সংযোগী পথত থকা পকী দলঙৰ এটা অংশ বানে খহাই নিয়াৰ ফলত বিগত দুমাহ ধৰি বিঘ্নিত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ স্থানীয় ৰাইজে নিজাববীয়াকৈ এখন বাহৰ দলং নিমাৰ্ণ কৰিছিল যদিও দলং খন জহি খহি যোৱাত অতি বিপদ সংকুল ভাবে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷

মৰণফান্দত পৰিণত দলগাঁৱৰ এখন দলং

উল্লেখযোগ্য যে, ইয়াৰ পাছতো স্থানীয় বিধায়ক ইলিয়াচ আলিৰ লগতে গড়কাপ্তানি বিভাগৰ বৰমূৰীয়া সকলে দলং খনৰ ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও ধৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Intro:Slug= Dalgaon_Broken_Bridge_
Byte= Student / Public

## দলগাঁৱত মৰণফান্দ সদৃশ এখন পকী দলং ।
## মৰণক শৰণ দি বিদ্যালয়লৈ যাতায়ত ছাত্ৰ ছাত্ৰীৰ ।
## হাতত ধৰি সাকো পাৰ কৰে কন কন ছাত্ৰ ছাত্ৰীক ।
## চকুমুদা কুলিৰ ভাৱত স্থানীয় বিধায়ক ।

Body:

দলগাও / ২৯ আগষ্ট

এখন দলঙৰ ভঙা অংশই জ্বলাকলা খুৱাইছে কন কন ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীক । দৰঙৰ দলগাৱৰ শ্যামপুৰ - খাৰুপেটীয়া মুল সংযোগী পথত থকা পকী দলঙৰ সংযোগী পথ ( এপ্ৰ'চ) বানে খহাই নিয়াৰ ফলত বিগত ডেৰ দুমাহ ধৰি বিঘ্নিত হৈ পৰে যাতায়ত ব্যৱস্থা । শ্যামপুৰকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ খাৰুপেটীয়া সংযোগী পথত থকা দলঙৰ এপ্ৰ'চ বিধ্বংসী বানে খহাই নিয়াত উক্ত অংশত অঞ্চলটোৰ ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰে এখন বাহৰ দলং । নিৰ্মাণ কৰা বাহৰ সাকো খনো জহি খহি যোৱাত অতি বিপদ সংকুল ভাবে বিদ্যালয়লৈ অহা যোৱা কৰিছে অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । মাত্ৰ এসপ্তাহ পূৰ্বে নামমাত্ৰ বাহৰ সাঁকো খনৰ পৰা চাইকেল আৰোহী পৰি যোৱাত অতি সংকটজনক অৱস্থাত জি এম চিত ভৰ্তি কৰা হয় । উক্ত ঘটনাৰ পাছত শংকিত হৈ পৰা কন কন ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ও ৰাইজে হাতত ধৰি পাৰ কৰে মৰণফান্দ সদৃশ বাহৰ সাঁকোখন ।

Conclusion:
অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ এই গুৰুত্বপূৰ্ণ পথত থকা দলঙৰ এপ্ৰ'চ ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভোগা ৰাইজৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদি চকুমুদা কুলিৰ ভাও ধৰিছে স্থানীয় বিধায়ক ইলিয়াচ আলিৰ লগতে গড়কাপ্তানি বিভাগৰ বৰমূৰীয়া সকল ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.