দলগাঁও,১৪জুন: কৃত্ৰিম বানৰ কৱলত দৰঙৰ দলগাঁৱৰ কোনাকাটা পাৰা গাঁৱৰ বহু পৰিয়াল। এজাক বৰষুণতেই অঞ্চলটোত সৃষ্টি হয় কৃত্ৰিম বানৰ । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাব নোৱাৰাৰ লগতে বহু সমস্যাত ভুগিব লগীয়া হয় অঞ্চলবাসী ।
উল্লখ্য যে,অঞ্চলটোত বৰষুণৰ পানী ওলাই যোৱাৰ কোনো সুব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে। গাঁও পঞ্চায়তৰ বিষয়া আৰু জন প্ৰতিনিধিক বান ৰোধৰ বাবে বাৰে-বাৰে আৱেদন জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।