ETV Bharat / state

মিত্ৰতাত মেলিল নেকি ফাঁট ! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি - Dalgaon AIUDF meeting

দেওবাৰে দৰঙৰ দলগাঁৱত এআইইউডিএফ সভাত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে দিলে কংগ্ৰেছ বিধায়ক ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি ৷ বিগত 15 বছৰে কংগ্ৰেছ দলৰ বিধায়ক ইলিয়াছ আলি দখলত থকা দলগাওঁ সমষ্টিটোত আগন্তুক নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী এআইইউডিএফৰ ৷

As_Dalaon_aiudf-meeting_vis_asc10064
মিত্ৰতাত মেলিল নেকি ফাঁট! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি
author img

By

Published : Feb 7, 2021, 10:55 PM IST

দৰং,7 ফেব্ৰুৱাৰী: দেওবাৰে দৰঙৰ দলগাঁৱত এআইইউডিএফ দলৰ এক বিশাল সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত আছিল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ কিন্তু সভাৰ মাজতে বদৰুদ্দিন আজমলে দিলে কংগ্ৰেছ বিধায়ক ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি ৷ বিগত 15 বছৰে কংগ্ৰেছ দলৰ বিধায়ক ইলিয়াছ আলি দখলত থকা দলগাওঁ সমষ্টিটোত আগন্তুক নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী এআইইউডিএফৰ ৷

উল্লেখ্য যে, ইতিমধ্যে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ অন্যতম দল হ’ল এআইইউডিএফ ৷ কিন্তু দেওবাৰৰ এই সভাত বদৰুদ্দিন আজমলে নিজেই ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীৰ পিছতে দুয়ো দলৰে মিত্ৰতাত বিভাজন অহাৰ আশংকাই দেখা দিছে ৷ পৰৱৰ্তী সময়ত বদৰুদ্দিন আজমলৰ এই কাৰ্যৰ প্ৰতি কংগ্ৰেছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হ’ব লক্ষণীয় ৷

মিত্ৰতাত মেলিল নেকি ফাঁট! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি

আনহাতে, এই সভাতেই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে বদৰুদ্দিন আজমলে ৷ কেৱল অসমতেই মাদ্ৰাছা বন্ধ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিশ্ববাসীৰ আগত অসমৰ নাম কলংকিত কৰা বুলি মন্তব্য আজমলৰ ৷ দেওবাৰৰ এই সভাত উপস্থিত আছিল জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম, ধিঙৰ বিধায়ক আমিনুল ইছলাম, নাওবৈছাৰ বিধায়ক মামুদ ইমদাদুল ইছলাম, পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ কাচিমিৰ লগতে যুৱ মৰ্চা, মহিলা মৰ্চাৰ বিষয়ববীয়া সকল ৷

লগতে পঢ়ক-লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.