ETV Bharat / state

চাইকেলেৰে বিশ্বজিনাৰ হাবিয়াস এগৰাকী যুৱতীৰ

author img

By

Published : May 22, 2019, 6:25 PM IST

এম বি এ ডিগ্ৰীধাৰী এগৰাকী উচ্চশিক্ষিত যুৱতী ৷ অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাৰ বাসিন্দা এইগৰাকী যুৱতীৰ নাম হৈছে জ্যোতি ৰংগালা ৷

জ্যোতি ৰংগালা

দৰং, 22 মেঃ ভাৰতৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত আৰু চাইক্লিং হৈছে শৰীৰ সুস্থ ৰখাৰ এক অন্যতম উপায় ৷ এই বাণীৰে ভাৰতবৰ্ষৰ ত্ৰিশ হাজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য এগৰাকী উচ্চশিক্ষিত যুৱতীৰ ৷

জ্যোতি ৰংগালা

সুদূৰ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা এইগৰাকী যুৱতী হৈছে জ্যোতি ৰংগালা ৷ 2017 চনতে চাইকেল চলাই বিশ্ব অভিলেখ স্থাপনৰ লক্ষ্যৰে ঘৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰে যুৱতীগৰাকীয়ে ৷ কিন্তু বিধিৰ বিপাকত পৰি দহ হাজাৰ পথ অতিক্ৰম কৰাৰ পিচতে দিল্লীত পথ দুৰ্ঘটনাত পতিত হৈ আধাতে সমাপ্ত কৰিবলগীয়া হয় এই যাত্ৰা ৷

শেহতীয়াকৈ সুস্থ হৈ উঠা জ্যোতিয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই পুনৰ আৰম্ভ কৰে এই যাত্ৰা ৷ প্ৰায় সোতৰখন ৰাজ্য পৰিভ্ৰমণ কৰি যুৱতীগৰাকীয়ে অসমত উপস্থিত হৈছে ৷ ত্ৰিশ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰমৰ লক্ষ্য থকা যুৱতীগৰাকীয়ে দৰং জিলাৰ খাৰুপেটীয়াত উপস্থিত হয় ৷ স্থানীয় মাৰোৱাৰী যুৱ পৰিষদে যুৱতীগৰাকীৰ থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে তেজপুৰ অভিমুখী যাত্ৰাত সহায় কৰি দিয়ে ৷

Intro:** গীণিচ বুক অফ ৱল্ড ৰেকৰ্ডছৰ লক্ষ্যৰে চাইকেল চলাই সমগ্ৰ ভাৰত পৰিভ্ৰমণ কৰিব বিছৰা এগৰাকী সাহসী যুবতী জ্যোতি ৰংগলা ।
** জ্যোতিৰ লক্ষ্য ৩০ হাজাৰ কি; মি ।
** ভাৰতত সুৰক্ষিত মহিলা ।Body:** এগৰাকী সাহসী যুবতী নাম জ্যোতি ৰংগলা । এই গৰাকী যুবতীয়ে গীণিচ বুক অফ ৱল্ড ৰেকৰ্ডছৰ লক্ষ্যৰে চাইকেল চলাই সমগ্ৰ ভাৰত পৰিভ্ৰমণ কৰাৰ লক্ষ্যৰে উলাই আহে ২০১৭ চনত ।সুদূৰ অন্ধপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰা জ্যোতি উপস্থিত হয় দৰং জিলাত । যাত্ৰা আৰম্ভ কৰি ১০ হাজাৰ কি মি অতিক্ৰম কৰাৰ পিছত দিল্লীত এক পথ দুৰ্ঘটনাৰ বাবে দুবছৰ চিকিৎসা হৈ পুনৰ আৰম্ভ কৰে আধৰুৱা যাত্ৰা । জ্যোতিয়ে ভাৰতৰ ১৭ খন ৰাজ্য পৰিভ্ৰমণ কৰি অতিক্ৰম কৰে ১৪০০০ কি মি পথ । জ্যোতিৰ লক্ষ্য ৩০ হাজাৰ কি মি পথ । এই গৰাকী সাহসী যুবতী মঙলবাৰে দৰঙৰ খাৰুপেটীয়াত উপস্থিত হৈ বুধবাৰে তেজপুৰ অভিমুখে আৰম্ভ কৰে যাত্ৰা । Conclusion:দৈনিক ১০০-১২০ কি মি পথ অতিক্ৰম কৰা জ্যোতি ৰংগলাই কলে -ভাৰতবৰ্ষত মহিলা সুৰক্ষিত । তাকেই প্ৰমাণ কৰিলে তেও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.