ETV Bharat / state

দৰঙত বুধবাৰৰ দিনটোত ৯৪ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত - দৰঙত বুধবাৰৰ দিনটোত ৯৪ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

দৰঙত কেৱল বুধবাৰৰ দিনটোতে ৯৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । ইয়াৰ লগে লগে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ৭২২ জনলৈ বৃদ্ধি পালে । সম্প্ৰতি জিলাখনত কৰ'ণাৰ সক্ৰিয় ঘটনা আছে ৪৮৭ টা । ইয়াৰে ৬০ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৪২৫ গৰাকী আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে ।

দৰঙত বুধবাৰৰ দিনটোত ৯৪ গৰাকী ক'ভিড আক্ৰান্ত চিনাক্ত

author img

By

Published : Apr 28, 2021, 9:31 PM IST

মঙলদৈ, ২৮ এপ্ৰিল: ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো অব্যাহত আছে কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ । দৰঙত কেৱল বুধবাৰৰ দিনটোতে ৯৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । ইয়াৰ লগে লগে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ৭২২ জনলৈ বৃদ্ধি পালে । বুধবাৰে জিলাখনত মুঠ ১৫১৮ টা ৰেপিড্ এন্টিজেন পৰীক্ষা আৰু ১০৭ টা আৰটি পিচিআৰ পৰীক্ষা কৰা হৈছিল ।

সম্প্ৰতি জিলাখনত কৰ'ণাৰ সক্ৰিয় ঘটনা আছে ৪৮৭ টা । ইয়াৰে ৬০ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৪২৫ গৰাকী আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৮ গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ১১ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

ইফালে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৫ গৰাকী, গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ৫ গৰাকী আৰু এক্সেল কেয়াৰ হাস্পতালত এজন ৰোগী ভৰ্তি হৈ আছে ।

লগতে পঢ়ক:হাতীমূৰাৰ ঐতিহাসিক দুৰ্গা মন্দিৰৰ মূল গম্বুজত ফাঁট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.