ETV Bharat / state

মাত্ৰ দুশ টকা: ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙ ছাৰৰ ফিক্স ৰেট - দুশ টকা

চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা দৰিদ্ৰ ৰোগীৰ পৰা ধন দাবী কৰা এগৰাকী চিকিৎসক ৷ কেমেৰাত বন্দী হ'ল সকলো দৃশ্য ৷

চৰকাৰী চিকিৎসালয়ত ডাক্তৰ ছাৰৰ ফিক্স ৰেট

author img

By

Published : Jul 25, 2020, 3:07 PM IST

দৰং, 25 জুলাই : এগৰাকী অৰ্থলোভী চিকিৎসক ৷ চৰকাৰী বেতনেৰে তেওঁৰ চলিবলৈ নোজোৰে ৷ সেয়েহে ছাৰক লাগে অতিৰিক্ত ধন ৷ অধিক ধন ঘটিবলৈ চিকিৎসকজনে বাচি ল'লে অসৎ পথ ৷ সহজ ভাষাত টেবুলৰ তলেৰে ডাক্তৰ ছাৰৰ পকেটলৈ আহে চাহ-পানীৰ খৰচ ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা দৰিদ্ৰ ৰোগীৰ পৰা ছাৰে সৰকাই এশ-দুশ ৷ কলাইগাঁৱৰ আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ দীৰ্ঘদিনীয়া ৷

চৰকাৰী চিকিৎসালয়ত ডাক্তৰ ছাৰৰ ফিক্স ৰেট

শনিবাৰে এখন প্ৰমাণ পত্ৰত চহী কৰাৰ নামত এগৰাকী কৰ্কট ৰোগীৰ পৰা 200 টকা দাবী কৰে চিকিৎসকজনে৷ ৰোগী ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত আছিল মাত্ৰ এশ টকা ৷ কিন্তু ডাক্তৰ চাহাবৰ ফিক্স ৰেট, কোনোমতেই মান্তি নহয় এশ টকাত ৷ উপায়ন্তৰ হৈ ৰোগীজনে এজন যুৱকৰ পৰা এশ টকা লৈ মুঠ দুশ টকা দিয়াত হে প্ৰমাণ পত্ৰখন দিয়ে চিকিৎসকজনে ৷

ৰাজেন্দ্ৰ প্ৰসাদক এশ টকা দিয়া যুৱকজনে ঘটনাৰ উমান পাই কেমেৰাত বন্দী কৰে সমগ্ৰ দৃশ্য ৷ ঘটনাস্থলীত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য উপস্থিত হৈ প্ৰশ্ন কৰে চিকিৎসকজনক ৷ ছাত্ৰ সন্থাৰ সদস্যসকলে শীঘ্ৰে বদলিৰ দাবী জনায় ঘোচখোৰ চিকিৎসক জনৰ । প্ৰায় দুটা দশকতকৈয়ো অধিক কাল কলাইগাঁও ৰাজ্যিক চিকিৎসালযয়ত চিকিৎসক হিচাপে থকাৰ পিছত সম্প্ৰতি কলাইগাঁও আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে ডাঃ পায়েং । ন্যূনতমো মানৱীয়তা প্ৰদৰ্শন কৰিব নোৱাৰা এইগৰাকী চিকিৎসকে যেন ছাঁই সানিছে চিকিৎসা বৃত্তিত ৷

লগতে পঢ়কঃ ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ : নিলম্বন দেহৰক্ষী মুকুট বনিয়াক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.