ETV Bharat / state

বিটিচিৰ নিৰ্বাচনী ৰণক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱাল - বিটিচি

৫ নং মুদৈবড়ি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে উপস্থিত থাকে সাংসদ কুইন ওজা, তপন গগৈ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দীলিপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু দুই শিল্পী যতীন বৰা, বিদ্যাসাগৰ ৷

cm sarbananda sonowal
cm sarbananda sonowal
author img

By

Published : Dec 3, 2020, 9:05 PM IST

দৰং, 3 ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচন আৰু মাত্ৰ ৩ দিন বাকী থকা অৱস্থাত বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ৩৫ নং মুদৈবড়ি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ সমৰ্থনত কলাইগাঁও মহাবিদ্যালয় খেল পথাৰ প্ৰাংগনত অনুস্থিত হোৱা বিশাল নিৰ্বাচনী সভাত সম্বোধি দিয়া ভাষণত মুখ্য়মন্ত্ৰীয়ে কয় যে, বিটিচি পৰিষদীয় নিৰ্বাচন বিটিচি চাৰিও খন জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই নিৰ্বাচনৰ জৰিয়তে বিটিচিত বসবাস কৰি অহা জনসাধাৰণে নিজৰ সকলো সা-সুবিধা লাভ কৰিব সক্ষম হ’ব লাগিব । এইবাৰ নিৰ্বাচনত কোনেও সংকিত হ’ব নালাগে । পূৰ্বৰ চৰকাৰৰ ভুল নীতিৰ বাবে বিটিচিৰ চাৰিখন জিলা অসমৰ অন্যান্য জিলাৰ তুলনাত পিছ পৰি গ’ল বুলি কোৱাৰ লগোৱাৰ লগতে বিটিচি উন্নয়নৰ বাবে সকলোকে বিজেপিক ভোট দিবলৈ আহবান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিটিচিৰ নিৰ্বাচনী ৰণক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱাল

বিটিচিত বিজেপিক ভোট দিলে সকলোৰে সম উন্নয়ন হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে মুদৈবড়ি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা আৰু খালিংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীকো ৰাইজৰ আগত চিনাকি কৰাই দিয়ে । মাত্ৰ এঘন্টাৰ কাৰণে উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, যোৰহাটৰ সাংসদ তপন গগৈ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দীলিপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু দুই শিল্পী যতীন বৰা, বিদ্যাসাগৰ উপস্থিত থাকে ৷

উল্লেখ্য যে দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছে বিজেপিয়ে ৷ ইতিমধ্যে বিজেপি আৰু বিপিএফৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ বিজেপিয়ে অকলেই বিটিচিত চৰকাৰ গঠনৰ হুংকাৰ দিছে ৷ যাৰ বাবে নিৰ্বাচনী ৰণত নামি পৰিছে গেৰুৱা দলটোৰ সকলো ৰথী-মহাৰথী ৷

লগতে পঢ়ক : সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.