ETV Bharat / state

CM orders suspension, দৰঙৰ SP ASP আৰু ধূলা থানাৰ OC ক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 12, 2022, 10:42 PM IST

Updated : Aug 13, 2022, 11:19 AM IST

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় (CM orders suspension of Darrang SP) , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন (CM orders suspension of Darrang ASP) আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে (CM orders suspension of Dhula PS OC) ।

CM orders suspension of Darrang SP, ASP, Dhula PS OC
দৰঙৰ SP, ASP আৰু ধূলা থানাৰ OC ক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 12 আগষ্ট: দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ বিগত ১১ জুনত মৃত্যু হৈছিল (13 years old girl unnatural death) । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ হোৱাৰ পিছত বিষয়টো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হয় ।

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক লগত লৈ বিষয়টো সন্দৰ্ভত মৃত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁওস্থিত বাসগৃহত উপস্থিত হয় । উল্লেখ্য যে, মৃত্যুৰ সময়ত কিশোৰীগৰাকী চিপ লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল । এই ঘটনাৰ তদন্তৰ সময়ত ফটো আৰু ভিডিঅ’ প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত আৰক্ষীয়ে গাফিলতি কৰা পৰিলক্ষিত হয় ৷

তদুপৰি ধূলা থানাৰ আৰক্ষী বিষয়াই কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক এজাহাৰ দাখিলৰ ক্ষেত্ৰতো বাধা প্ৰদানৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে লাভ কৰে । এনে অৱস্থাত প্ৰথম দৃষ্টিত নিৰপেক্ষভাৱে তদন্ত কৰাৰ ক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা সন্দেহমুক্ত নহয় বুলি মুখ্যমন্ত্ৰীয়ে পতিয়ন যায় । ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় (CM orders suspension of Darrang SP) , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন (CM orders suspension of Darrang ASP) আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে (CM orders suspension of Dhula PS OC) ।

লগতে এই ঘটনা সংক্রান্তত এটা বিশেষ তদন্তকাৰী গোট (SIT) গঠন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে । এই তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোত দুগৰাকী মহিলা বিষয়াক অন্তর্ভুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে । আনহাতে মৃত কিশোৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহ চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । তাৰোপৰি পৰিয়ালটোক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও জিলা উপায়ুক্তক তেওঁ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক: Medal for Excellence in Investigation: মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসলৈ গৃহমন্ত্ৰীৰ উৎকৃষ্ট অনুসন্ধান পাৰদৰ্শিতা বঁটা

Last Updated : Aug 13, 2022, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.