ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পাচতে ধলপুৰলৈ মন্ত্ৰী বিধায়কৰ সোঁত - ধলপুৰলৈ মন্ত্ৰী বিধায়কৰ সোঁত

সোমবাৰে ছিপাঝাৰৰ ধলপুৰ চৰ অঞ্চলৰ 77,420 বিঘা ভূমি পৰিদৰ্শন কৰে কেবিনেট মনোনীত সমিতিয়ে ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিপাঝাৰ সমষ্টিৰ ধলপুৰ পৰিদৰ্শন কৰাৰ পাচতে চৰ অঞ্চলৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি কৃষিকাৰ্যৰ বাবে আঁচনিৰ পৰিকল্পনা কৰিছিল ৷

cabinet-approval-committee-reached-dhalpur-to-observed-encroachment
ধলপুৰত উপস্থিত ভূমি পৰিদৰ্শনৰ বাবে কেবিনেটে মনোনীত সমিতি
author img

By

Published : Jun 15, 2021, 4:19 PM IST

মঙলদৈ, 15 জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পাচতে তৎপৰ হৈ পৰিছে ছিপাঝাৰৰ গৰুখুটি-ধলপুৰৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে গঠিত কেবিনেট মনোনীত সমিতি ৷ সোমবাৰে ছিপাঝাৰৰ ধলপুৰ চৰ অঞ্চলৰ 77,420 বিঘা ভূমি পৰিদৰ্শন কৰিলে এই কেবিনেট মনোনীত সমিতিয়ে ৷ বিগত সময়ত ছিপাঝাৰৰ গৰুখুটি-ধলপুৰৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি তাত কৃষিকাৰ্য কৰাৰ বাবে কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ৷ ইয়াৰ পৰিপেক্ষিতত কেবিনেটে গঠন কৰি দিয়া সমিতিখনে মঙলবাৰে উক্ত স্থানত উপস্থিত হৈ কৃষিভূমি পৰিদৰ্শন কৰাৰ লগতে ধলপুৰ শিৱধাম পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা, বিধায়ক মৃনাল শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু সাংসদ দিলীপ শইকীয়া ৷

ভূমি পৰিদৰ্শনৰ বাবে ধলপুৰত উপস্থিত কেবিনেট মনোনীত সমিতি

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিপাঝাৰ সমষ্টিৰ ধলপুৰ পৰিদৰ্শন কৰাৰ পাচতে চৰ অঞ্চলৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি কৃষিকাৰ্য কৰিবৰ বাবে আঁচনিৰ পৰিকল্পনা কৰিছিল ৷ এই সন্দৰ্ভত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিয়া কমিটি খনৰ সদস্যসকল ধলপুৰত উপস্থিত হয় ৷ উক্ত অঞ্চল পৰিদৰ্শন কৰি এক সপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আঁচনিসমূহৰ কাম আৰম্ভ কৰিব বুলি জনালে সমিতিৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই ৷ যিসকল বেদখলকাৰীয়ে উক্ত ভূমিত বেদখল কৰি আছে সেই সন্দেহযুক্ত নাগৰিকসকলক ভূমিনীতি আইনৰ অধীনত অচিৰেই উচ্ছেদ কৰি ভূমিসমূহ বেদখলমুক্ত কৰা হ'ব বুলি বিধায়ক হাজৰিকাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷

লগতে পঢ়ক: কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.