ETV Bharat / state

বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ : দলগাঁৱত মোদী, সৰ্বাৰ প্ৰতিকৃৰ্তি দাহ

author img

By

Published : Aug 24, 2020, 7:47 PM IST

বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত দলগাঁৱত তীব্ৰ প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ ইত্তেহাদ ফ্ৰণ্টৰ ৷

Burn PM, CM Effigy for privatization of Borjhar Airport

দলগাঁও, 24 আগষ্ট : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰক আদানী গ্ৰুপক 50 বছৰৰ বাবে লীজত দি ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে দলগাঁৱত ব্যাপক প্ৰতিবাদ ৷ দৰং জিলাৰ দলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ কৰে ইত্তেহাদ ফ্ৰণ্টৰ দলগাঁৱ আঞ্চলিক সমিতিয়ে ৷

মোদী, সৰ্বাৰ প্ৰতিকৃৰ্তি
মোদী, সৰ্বাৰ প্ৰতিকৃৰ্তি

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাৰ দাবী ন্যায্য দাবী, উই ৱান্ট জাষ্টিছ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, অসম চৰকাৰ হায় হয়, অসমৰ সম্পত্তি ব্যক্তিগতকৰণ কৰা নচলিব, ইত্তেহাদ ফ্ৰণ্ট জিন্দাবাদ আদি বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে তিনি দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে ৷

এই কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে অসমৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে কিন্তু অসমৰ সম্পদৰ ওপৰত ঠিকেই চকু দিয়ে ৷

দলগাঁৱত মোদী, সৰ্বাৰ প্ৰতিকৃৰ্তি দাহ

অসমৰ এটাৰ পিছত আনটো সম্পদ ব্যক্তিগতকৰণ কৰি আহিছে এইখন চৰকাৰে ৷ তৈলক্ষেত্ৰৰ পৰা আৰম্ভ কৰি দিহিং পাটকাই শেহতীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে মোদী কেবিনেটে অনুমোদন জনাইছে বুলি কয় ৷

সভাপতি নুৰ ইছলামে সৰ্বানন্দ সোণোৱালক এই হঠকাৰী তথা জনবিৰোধী সিদ্ধান্ত বাতিলৰ বাবে কেন্দ্ৰক বাধ্য কৰাবলৈ দাবী জনায় ৷ জাতি-মাটি-ভেটিৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰাৰ পিছত অসমৰ সম্পদ ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে ধংস কৰা বুলি ক্ষোভ উজাৰে সভাপতিগৰাকীয়ে ৷ যদিহে অতি শীঘ্ৰে এই হঠকাৰী তথা জনবিৰোধী সিদ্ধান্ত বাতিল নকৰে তেন্তে অসমৰ ৰাইজৰ সহযোগত ইত্তেহাদ ফ্ৰন্টে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুকাৰ প্ৰদান কৰে ৷

লগতে চাওক-প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.