ETV Bharat / state

Shining example of humanity: মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ

author img

By

Published : Jul 4, 2022, 8:28 PM IST

বানে বিধস্ত কৰা এখন ঘৰত আজি আনন্দৰ কিৰিলি ৷ কিছুমাহ পূৰ্বে আজিৰ দিনটোতে বিয়াৰ দিন ঠিক হৈছিল দিপান্বিতা বৰাৰ ৷ পিছে বিয়ালৈ কেইদিন মান বাকী থাকোতেই বছৰটোৰ দ্বিতীয়টো বানে সকলো ধ্বংস কৰি থৈ গ’ল মঙলদৈৰ বৰথেকেৰাবাৰী গাঁৱত থকা দিপান্বিতাৰ ঘৰখন (Shining example of humanity)৷ সৱিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ
মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ

মঙলদৈ, 4 জুলাই: মঙলদৈত এখন ব্যতিক্ৰমী বিয়া ৷ বানে বিধস্ত কৰা এখন ঘৰত আজি আনন্দৰ কিৰিলি ৷ এয়া মঙলদৈৰ বৰথেকেৰাবাৰী গাঁৱৰ এখন ঘৰৰ পৰিৱেশ ৷ কিছুমাহ পূৰ্বে আজিৰ দিনটোতে বিয়াৰ দিন ঠিক হৈছিল দিপান্বিতা বৰাৰ ৷

পিছে বিয়ালৈ কেইদিনমান বাকী থাকোতেই বছৰটোৰ দ্বিতীয়টো বানে সকলো ধ্বংস কৰি থৈ গ’ল মঙলদৈৰ বৰথেকেৰাবাৰী গাঁৱত থকা দিপান্বিতাৰ ঘৰখন ৷ চকুত চকুলো লৈ আপোন ঘৰখন এৰি আশ্ৰয় লৈছিল শিবিৰত (Flood in Assam) ৷ তাৰ পিছতেই ক্ৰমাৎ বান পৰিস্থিতি উন্নত হোৱাত উভতি আহিছিল বানে গছকি যোৱা ঘৰখনলৈ ৷

মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ

ইফালে ঘৰখনৰ প্ৰথম কন্যাৰ বিয়া আনফালে বানে গৰকা ঘৰখন ৷ সকলো শেষ হৈ যোৱাৰ পিছত কিদৰে বিয়াখন পাতিব বুলি ভাবি দিকবিদিক হেৰুৱাই পেলাইছিল দিপান্বিতাৰ পৰিয়ালে ৷ আনফালে দিপান্বিতাৰ পিতৃৰ হাতত নাই টকা এক হাজাৰো । তেনে সময়তে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল কোনো দিনে কোনো সম্পৰ্ক নোহোৱা ‘মানুহে মানুহৰ বাবে’ নামৰ এটা মানৱ দৰদী সংগঠনৰ লগতে স্থানীয় ৰাইজ (Shining example of humanity) ৷

সদস্যসকলৰ কোনোৱে যদি দিছে অলমিৰাটো, আন কোনোৱে দিছে ড্ৰেছিং আইনাখন, কোনোৱে কাপোৰ, কোনোৱে বাকচ । বাল্টিৰ পৰা গহনালৈ সকলো সামগ্ৰীৰে দায়িত্ব ল’লে এই সকল লোকে ৷ মুঠতে ভোজৰ পৰা বিয়াৰ সকলো খৰচ কৰিলে এইসকল মানৱ দৰদী লোকে।

সমাজত থকা এনেকুৱা এচাম মানুহৰ বাবেই আজি এই দুখৰ মাজতো আজি হাঁহিছে কইনা দিপান্বিতাই ৷ লগতে ধন্যবাদ জনাইছে সেইসকল ৰাইজ তথা মানৱদৰদী সংগঠনটোলৈ যাৰ বাবে তাই আজি কইনাৰ সাজযোৰ পিন্ধি শিৰত সেন্দুৰকণ পিন্ধিলে ৷

লগতে পঢ়ক: Kullu bus accident: কুল্লুৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.