ETV Bharat / state

যিকোনো বয়সত কিতাপক জীৱন লগৰী কৰিব পাৰি :ড৹ কমলাকান্ত বৰা - Principal of Mangaldoi College

Mangaldoi Book Fair 2023 : মঙলদৈ গ্ৰন্থমেলাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি কবি সন্মিলনৰো আয়োজন কৰা হয় । অনুষ্ঠানত শতাধিক কবিয়ে অংশগ্ৰহণ কৰে । লগতে বিন্দু ৰাজবংশী কলিতাৰ 'জলকোঁৱৰৰ আদিপাঠ' উন্মোচন কৰা হয় ।

Mangaldoi Book Fair 2023
মঙলদৈ গ্ৰন্থমেলাত কেইবাখনো গ্ৰন্থ উন্মোচন
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 8:27 AM IST

দৰং, ২২ডিচেম্বৰ : "বৈদ্যুতিন মাধ্যমৰ আগ্ৰাসনত মানুহৰ ব্যস্ততা বাঢ়িছে যদিও ক্ৰমে অকলশৰীয়া হৈ পৰাহে দেখা যায় । সেই অকলশৰীয়া সময়ত আমাৰ সংগী হ'ব পাৰে কিতাপ । জীৱনৰ যিকোনো বয়সত কিতাপক জীৱনলগৰী কৰিব পাৰি ।" এই মন্তব্য় মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰাৰ ।

বৃহস্পতিবাৰে মঙলদৈ গ্ৰন্থমেলাত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান উদ্বোধন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰাই ৷ এই উদ্বোধনী অনুষ্ঠানত তেওঁ কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘কিতাপ পঢ়াৰ অভ্যাস একেদিনাই নহয় । বৃদ্ধ কালতো কিতাপ সংগী হ'ব পাৰে যদিহে শিশু কালত কিতাপ পঢ়াৰ অভ্যাস থাকে ।’’

লগতে তেওঁ অভিভাৱকক উদ্দেশ্যি আপুনি আপোনাৰ সন্তানটিক শিশু অৱস্থাত শিশুগ্ৰন্থ হাতত তুলি দি পাইছে নে বুলিও প্ৰশ্ন কৰে ৷ আনকি তেওঁ শিশুসকলৰ বাবে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ অভিভাৱকসকলক আহ্বান জনায় ।

এই অনুষ্ঠানত লেখিকা ড৹ প্ৰণামিকা শৰ্মাৰ শিশু উপন্যাস 'কাঠৰোকা' উন্মোচন কৰি সাংবাদিক, নাট্যকাৰ বিশ্বজিৎ দাসে কয় যে কাঠৰোকা শিশু উপন্যাসখনে শিশুসকলক মন মগজুত মানসিক খাদ্য দিব পাৰিব । এনেধৰণৰ শিশুগ্ৰন্থ অধিক প্ৰকাশত গুৰুত্ব দিব লাগে বুলি তেওঁ কয় ।

সভাত কম সংখ্য়ক শ্ৰোতা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দৰ্শকৰ সংখ্যা কম কাৰণে তেওঁ আটাইতকৈ সুখী । এজন দৰ্শক থাকিলে আৰু সুখী হ'লহেতেন বুলি মন্তব্য় কৰি তেওঁ কয় সংখ্যাই মান নিৰূপণ নকৰে । তাৰ উদাহৰণ হৈছে ইহুদী জাতি ।

ইহুদী বসতি প্ৰধান ইজৰাইল যদিও সৰু দেশ বা জনসংখ্যা তেনেই তাকৰ ৷ কিন্তু এই ইহুদীসকলেই এতিয়ালৈকে ঘোষিত মুঠ ৮১৪ টা ন'বেল বঁটাৰ ভিতৰত লাভ কৰিছে ২১৪ টা বঁটা । অথচ তেওঁলোকৰ জনসংখ্যা পৃথিৱীত এটা ক্ষুদ্ৰ অংশহে বুলি তেওঁ কয় ।

গ্ৰন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সঞ্চালনাত আৰু সাংবাদিক মুকুট ৰাজ শৰ্মা আৰু সম্পাদক লক্ষীনন্দন কলিতাই আঁতধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কনক চন্দ্ৰ চহৰীয়াই কয় যে পুৰণি কলা-কৃষ্টিৰে চহকী দৰঙত পুৰণি গ্ৰন্থ অধ্যয়ন কৰা এক পৰম্পৰা আছে ।

গাঁৱে গাঁৱে মন্দিৰে-নামঘৰে পুথি পঢ়া, গীতা-ভাগৱত পঢ়াৰ পৰম্পৰা আছে । সেই ঐতিহ্যপূৰ্ণ দৰঙত মঙলদৈ গ্ৰন্থমেলাই এক সুন্দৰ পৰিৱেশ দিছে । ই এটা সাহিত্য উৎসৱত পৰিণত হৈছে বুলি তেওঁ কয় । এই সভাত তেওঁ দেওমৰনৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ মুনমনি দেৱীৰ 'ভাষা সাহিত্য আৰু সংস্কৃতিৰ ৰূপৰেখা' গ্ৰন্থখন উন্মোচন কৰে ।

উক্ত সভাতে বিশিষ্ট লেখিকা বিন্দু ৰাজবংশী কলিতাৰ 'জলকোঁৱৰৰ আদিপাঠ' উন্মোচন কৰে সাহিত্য একাডেমী বটা বিজয়ী বিশিষ্ট সাহিত্যিক জয়ন্ত মাধব বৰাই । সভাত দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক নৰেন হাজৰিকা, গ্ৰন্থ প্ৰকাশক তথা অনুবাদক কাব্যমণি বৰা, ছিপাঝাৰ মহাবিদ্যালয়ৰ অবসৰী উপাধক্ষ ড৹ৰাম চন্দ্ৰ ডেকা, লোক সংস্কৃতিৰ গবেষক ড৹ বিজয় কুমাৰ শৰ্মা, জীতেন ভাগৱতী, সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা আদিয়ে বক্তব্য আগবঢ়ায় ।

আনহাতে, বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত হয় এক কবি সন্মিলন । ড৹ হৃদয় ৰঞ্জন দাসে সঞ্চালনা কৰা কবি সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই । ড৹ মৃন্ময় নাথে আঁতধৰা কবি সন্মিলনৰত কবি ডাঃ কমলাকান্ত শৰ্মাসহ শতাধিক কবিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অসমক ভালপোৱা সকলোৰে বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.