ETV Bharat / state

টকা নিদিলে সৎকাৰ নহয় ক’ভিড আক্ৰান্তৰ মৃতদেহ - মহামাৰী ক’ৰণা

ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰ বাবে ভৰিব লগা হৈছে 20 পৰা 30 হাজাৰ টকা ৷ টকা নাপালে সৎকাৰ নকৰে ক’ভিড আক্ৰান্ত মৃত ব্যক্তিৰ ৷

টকা নাপালে সৎকাৰ নকৰে ক’ভিড আক্ৰান্তৰ মৃতদেহ

author img

By

Published : May 19, 2021, 10:05 PM IST

দৰং, 19 মে’: দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰণাই ৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমটো প্ৰতিদিনে ক’ৰণাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে মঙলদৈত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷

ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ভৰিব লগা হৈছে 20 পৰা 30 হাজাৰ পৰ্যন্ত টকা ৷ টকা নাপালে সৎকাৰ নকৰে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ ।

টকা নাপালে সৎকাৰ নকৰে ক’ভিড আক্ৰান্তৰ মৃতদেহ

উল্লেখযোগ্য যে, যে দৰং জিলাৰ বৰদৌলগুৰিৰ গোপাল ডেকা নামৰ (৬২) ব্যক্তিজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল । তাৰপিছতে ব্যক্তি গৰাকীৰ মৃতদেহটো সৎকাৰক লৈ বিপদত পৰে পৰিয়াল ৷ কিয়নো মৃত দেহটো সৎকাৰৰ বাবে চিকিৎসালয়ত চাফাই কৰ্মীৰ সৈতে দৰদাম কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

উপায়ন্তৰ হৈ অৱশেষত দৰিদ্ৰ পৰিয়ালটোৱে মুঠ ২০ হাজাৰ টকা দিয়াত মঙলদৈ ভেবাৰঘাট শ্মশানত সৎকাৰ কৰে মৃতদেহ । মনকৰিবলগীয়া যে, সৎকাৰৰ সময়ত পি পি ই কীট দূৰৰে কথা মাস্ক খনো পৰিধান কৰা দেখা নগ’ল চিকিৎসালয় খনৰ চাফাই কৰ্মীয়ে ।

সম্প্ৰতি এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷ সততে অসম চৰকাৰে ক’ভিড নিৰাময় কৰা বা সমগ্ৰ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ তাৰপিছতো দৰঙত এনেদৰে ক’ভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰ কাৰ বাবে টকা ভিৰিব লগা ঘটনাই সমগ্ৰ ব্যৱস্থাটোৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে ৷

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.