ETV Bharat / state

পৰমানন্দৰ বিজেপিত যোগদান লৈ ক্ষোভিত বিজেপি কৰ্মী

author img

By

Published : Mar 6, 2021, 5:19 PM IST

ছিপাঝাৰ বিধান সভা সমষ্টিত পৰমানন্দ ৰাজবংশীক বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সমষ্টিটোৰ একাংশ বিজেপিৰ কৰ্মকৰ্তাৰ তীব্ৰ প্ৰতিবাদ ৷ সমষ্টিটোৰ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল কাৰ্যালয়ত তলা ওলোমালে ক্ষোভিত বিজেপি কৰ্মীয়ে ৷

পৰমানন্দৰ বিজেপিত যোগদান লৈ ক্ষোভিত বিজেপি কৰ্মী
পৰমানন্দৰ বিজেপিত যোগদান লৈ ক্ষোভিত বিজেপি কৰ্মী

দৰঙ, 6 মাৰ্চ: অগপ ত্যাগ কৰি পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে ক্ষোভিত হৈ পৰিছে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তা সকল ৷ ছিপাঝাৰ বিধানসভা সমষ্টিত ৰাজবংশীক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি শনিবাৰে সমষ্টিটোৰ বিজেপিৰ একাংশ কৰ্মকৰ্তাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷

সমষ্টিটোৰ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল কাৰ্যালয়ত তলা ওলোমালে ক্ষোভিত বিজেপি কৰ্মীয়ে

ছিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি কৰ্মী সকলে ৰাজবংশীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ 'পৰমানন্দ হায় হায়', 'পৰমানন্দ গ' বেক', 'কোনো কাৰণতে পৰমানন্দক নামানো' ইত্যাদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি সমষ্টিটোত পৰমানন্দ ৰাজবংশীক টিকট প্ৰদান কৰিলে ভোট বৰ্জন কৰিব বুলিও বিজেপি কৰ্মী সকলে হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, অগপ ত্যাগ কৰি টিকট লাভৰ আশাত পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰাক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত থকাৰ মাজতে ৰাজবংশীক প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰা বিজেপিৰ কৰ্মকৰ্তা সকলে সমষ্টিটোৰ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল কাৰ্যালয়ত তলা লগাই দিয়ে ৷

লগতে পঢ়ক: টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.