ETV Bharat / state

এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া

author img

By

Published : Oct 13, 2020, 6:31 PM IST

মঙলবাৰে মঙলদৈত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ সভাখনৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৰাকীয়ে ৰাজনৈতিক বিষয়ৰ লগতে,এছ.আই কেলেংকাৰী সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৷

দিলীপ শইকীয়া
দিলীপ শইকীয়া

দৰং, 13 অক্টোবৰ: মঙলবাৰে মঙলদৈৰ সনাতন ধৰ্ম মন্দিৰত অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা ৷ সভাখনত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ সভাখনৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৰাকীয়ে কয় যে,যুৱ মৰ্চা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ লাইখুটা ৷ যাৰ বাবে আগন্তুক দিনত তেওঁলোকক শক্তিশালী কৰাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰাৰ অৰ্থে সভাখন অনুষ্ঠিত কৰা হৈছে ৷ যুৱ শক্তিৰ নেতৃত্ব ৰাইজৰ মাজত দলটোক বিস্তাৰ কৰাত সহায় কৰিব বুলিও কয় তেওঁ ৷ আনহাতে তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাকো কটাক্ষ কৰি কয় যে, তেওঁলোকৰ সপোন কেতিয়াও দিঠক নহয় ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই কংগ্ৰেছক লাভান্বিত নকৰে, হয়তো ই এআইইউডিএফকহে কিছু লাভান্বিত কৰিব পাৰে ৷

এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া

ইয়াৰোপৰি তেওঁ নতুন ৰাজনৈতিক দলৰ বিষয়ে কয় যে, তেওঁলোকে কিছু অঞ্চলত কিছু ভোট লাভ কৰিলেও ভাৰতীয় জনতা পাৰ্টীৰ অপ্ৰতিৰোধ্য গতিক স্তব্ধ কৰিব নোৱাৰে ৷ আনহাতে তেওঁ এছ.আই কাণ্ড সন্দৰ্ভত কয় যে, এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল ৷ যাৰ বাবে আৰম্ভণিতে সকলোবোৰ পোহৰলৈ আহিল ৷ যাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে দিল্লীত থকাৰ বাবে তাৰ পৰাই পৰীক্ষা বাতিল কৰাৰ লগতে তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ এই ঘটনাৰ সৈতে জড়িত থকা সকলো লোককে তদন্তৰ আওতালৈ আনিব লাগে, সেইয়া লাগিলে বিজেপিৰ লোকেই নহওক কিয় ৷

লগতে পঢ়ক: সাংবাদিক অনিমেষ বৰ্মনক আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.