দলগাঁও, 6ছেপ্তেম্বৰঃ বৰ্দ্ধিত ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি আৰু নথিপত্ৰ হেলমেট লাইচেন্স অবিহনে মটৰ চাইকেলৰ দৰে কেনেকৈ চলাচল কৰিব সেই লক্ষ্যৰে কাৰিকৰী প্ৰশিক্ষণ নোলোৱাকৈয়ে নিজৰ প্ৰচেষ্টাত জংগলপাৰা গাঁৱৰ যুৱক এজনে সাজি উলিয়ালে বেটেৰী চালিত চাইকেল ।
![Battery Cycle discover at kharupatiya mujamil hok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-5september-battery-cycle-801-810-abdul-hak2-10064_05092020143929_0509f_1599296969_829.jpg)
দৰং জিলাৰ অখ্যাত গাঁও খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী জংগলপাৰা বজাৰত সৰু কাৰিকৰী ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ মোজ্জামিল হকে বেটেৰী চালিত ইন্ধনবিহীন চাইকেল সাজি উলিয়াই চমক সৃষ্টি কৰে । কাৰিকৰী দিশত আগ্ৰহী যুৱকজনে নিজৰ অভিজ্ঞতাৰে পুৰনা চাইকেল এখনত দুটা 12 ভল্টৰ বেটেৰী,এটা 24 ভল্টৰ মটৰ,দুটা ইন্ডিকেটৰ বাল্ব,এটা হৰ্ণ,এটা পিক আপ এক্সিলেটৰ আৰু এটা কনভাৰ্টাৰ লগাই নিৰ্মাণ কৰে বেটাৰী চালিত নিজৰ সপোনৰ চাইকেলখন ।
মন কৰিবলগীয়া কথাটো হ'ল- উক্ত চাইকেলখন চলাবলৈ পেডেল মাৰাৰ প্ৰয়োজন নহয় । প্ৰতি ঘণ্টাত 25 কিঃমিঃ বেগেৰে চলিব পৰা চাইকেলখনৰ নিৰ্মাণ ব্যয় 20 হাজাৰ টকা আৰু এবাৰ চাৰ্জ কৰিলে 60 কিঃমি চলিব পাৰে । অৰ্ডাৰ অনুসৰি এনে চাইকেল নিৰ্মাণ কৰি দিয়া হ’ব বুলি যুৱকজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে । উল্লেখযোগ্য যে পেট্ৰ'লচালিত মটৰ চাইকেলক প্ৰত্যাহ্বান জনোৱাৰ বাবেই উক্ত চমকপ্ৰদ আৱিষ্কাৰে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সহাঁৰি লাভ কৰা পৰিলক্ষিত হৈছে । প্ৰয়োজনীয় আৰ্থিক সহায় পালে আগলৈ হেলিকপ্টাৰ বনাবলৈ মন মেলিছে উদিয়মান যুৱক মোজ্জামিল হকে । যুৱকজনৰ এই কাৰ্য জংগলপাৰাৰ গাঁৱৰ বাবে "জংগল মে মংগল" হোৱা বুলি গাঁৱৰ ৰাইজে অভিহিত কৰিছে ৷
লগতে পঢ়কঃ ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী