ETV Bharat / state

দৰঙত ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰদান ছাত্ৰসন্থাৰ কাৰ্যালয়

author img

By

Published : May 8, 2021, 6:33 PM IST

দৰং জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ । সদৌ দৰং জিলা ছাত্ৰ সন্থাই জিলা খনৰ মুখ্য কাৰ্যালয় মঙলদৈস্থিত শ্বহীদ ভৱনৰ লগতে,দেওমৰনৈ, পশ্চিম দৰং(বৰবৰী) ছিপাঝাৰ আৰু কুৰুৱাৰ শ্বহীদ ভৱন কেইটা ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দৰং জিলা প্ৰশাসনক অৰ্পন কৰে ৷

Darrang AASU
দৰং জিলা ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ

দৰং, ৮ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ দৰঙত প্ৰতিদিনেই ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । শুকুৰবাৰে দৰঙত ১৭৯ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ । সদৌ দৰং জিলা ছাত্ৰ সন্থাই জিলাখনৰ মুখ্য কাৰ্যালয় মঙলদৈস্থিত শ্বহীদ ভৱনৰ লগতে,দেওমৰনৈ, পশ্চিম দৰং(বৰবৰী) ছিপাঝাৰ আৰু কুৰুৱাৰ শ্বহীদ ভৱন কেইটা ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দৰং জিলা প্ৰশাসনক অৰ্পন কৰে ৷

দৰং জিলা ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ

লগতে দুনী আৰু দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো ক’ভিড প্ৰতিষেধকৰ টীকাকৰণ কেন্দ্ৰৰ লগতে ক’ভিড সম্পৰ্কীয় যিসমূহ কৰণীয় আছে সেই হিচাপে ব্যৱহাৰ কৰিবলৈ জিলা প্ৰশাসনক অৰ্পণ কৰে ৷ উল্লেখ্য যে, দৰং জিলাত শুকুৰবাৰৰ দিনটোত ১৭৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ । শেহতীয়াকৈ আক্ৰান্ত লোক কেইজনকে ধৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১,৭৫২ জনলৈ বৃদ্ধি পায় । জিলাখনত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৯৬৫ জন ক'ভিড ৰোগী ।

লগতে পঢ়ক: জিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি: লেজাইত সাপ্তাহিক বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.