দৰং, 6 আগষ্টঃ দৰং জিলাত কৃষক সকলৰ বাবে আশাৰ বতৰা কৰিয়াই আনিছে জিলা কৃষি বিভাগে। জিলাখনৰ ৫ হাজাৰ বিঘা পু্নৰ ৰোপনৰ ব্যৱস্থা কৃষি বিভাগৰ ৷
দৰঙত শালি ধানৰ কঠিয়া বিতৰণ প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যখনতে হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি, ঘৰ-দুৱাৰকে ধৰি পশু ধনৰ বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ ৷ কোনো কোনো অঞ্চলত সজল ধৰা ধাননি পথাৰ বানৰ বালিৰে পোত যায় ৷ নিমিষতে সকলো সপোন শেষ কৰি দিয়ে প্ৰলয়ংকাৰী বানে ৷ চাৰিওফালে হাহাকাৰ কৃষক সকলৰ ৷ পুনৰ ৰোপন কৰিবলৈ নাই কঠিয়া ৷ কিন্তু তেনে সময়তে কৃষক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে দৰং জিলা কৃষি বিভাগে । বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ বাবে বিভাগটোৱে নিজা ববীয়াকৈ বীজ সিঁচিছিল ৭০ হেক্টৰ বিঘা ভূমি । এতিয়া সেই কঠিয়া সমূহ তুলি বিতৰণ কৰিব আৰম্ভ কৰিছে দৰং জিলা কৃষি বিভাগে । ৰঞ্জিৎ চাব--১ নামৰ উন্নত জাতৰ উক্ত কঠিয়াৰে জিলাখনৰ ৫ হাজাৰ বিঘা ভূমি সাঙুৰি লব বুলি জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীয়ে জানিবলৈ দিয়ে। ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কঠিয়া বিতৰণ কাৰ্যসুচীৰ শুভাৰম্ভণী কৰে ৷ ইফালে বানে বিধস্ত কৰা খেতিয়ক সকলক ৰবি শস্য কৰিবলৈও প্ৰয়োজনীয় বীজ যোগানৰ ব্যৱস্থা কৰিব বুলিও কৃষি বিভাগে জানিব দিয়ে ।