দৰং, 27 মেঃ দেহাই নাটানিলেও মনে মনে নামানে৷ দিব্যাঙ্গ হৈয়ো ক্লান্ত হোৱা নাই ছোৱালী জনী। বুকুত অযুত আশা বান্ধি কৰি গৈছে কঠিন সংগ্ৰাম ৷ এই মৰম লগা ছোৱালী জনীৰ নাম ৰূপশিখা নাথ, ঘৰ মঙলদৈৰ জ্যোতি নগৰত। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ৭৩'৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰূপশিখা৷ যাও বুলিও নিজে কতো যাব নোৱাৰা, উঠো বুলিও নিজে উঠি থিয় হব নোৱাৰা ৰূপশিখাৰ সাৰথি একমাত্ৰ বিচনাখনেই ৷ চাওঁক এক প্ৰতিবেদন....
অনবৰতে হাঁহি থকা ছোৱালীজনীৰ আকাশ চোৱাৰ হেঁপাহ
সকলো থাকিও যেন অসহায় তাই
দৰং, 27 মেঃ দেহাই নাটানিলেও মনে মনে নামানে৷ দিব্যাঙ্গ হৈয়ো ক্লান্ত হোৱা নাই ছোৱালী জনী। বুকুত অযুত আশা বান্ধি কৰি গৈছে কঠিন সংগ্ৰাম ৷ এই মৰম লগা ছোৱালী জনীৰ নাম ৰূপশিখা নাথ, ঘৰ মঙলদৈৰ জ্যোতি নগৰত। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ৭৩'৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰূপশিখা৷ যাও বুলিও নিজে কতো যাব নোৱাৰা, উঠো বুলিও নিজে উঠি থিয় হব নোৱাৰা ৰূপশিখাৰ সাৰথি একমাত্ৰ বিচনাখনেই ৷ চাওঁক এক প্ৰতিবেদন....
# উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিব্যাঙ্গ ৰূপশিখা নাথৰ কৃতিত্ব ।
# বিচনাই সাৰথি ছাত্ৰী গৰাকীৰ ।
# কলমৰ সাফৰটোও নিজে খুলি লব নোৱাৰে ৰূপশিখাই ।
# তাৰ পিছতো দুটা বিষয়ত লেটাৰ সহ লাভ কৰিলে ৭৩'৬ শতাংশ ।
# অৱশ্যে মেট্ৰিকতকৈ কম নম্বৰ পোৱাত আক্ষেপ থাকিল ।
# ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ হেঁপাহ তেওঁৰ ।
### এজনী মৰম লগা ছোৱালী। অনবৰতে মুখত ফুটি উঠে হাঁহি। কিন্তু এই মৰম লগা ছোৱালী জনীৰ বিচনা খনেই আশ্ৰয়। যাও বুলিও নিজে কতো যাব নোৱাৰে। উঠো বুলিও নিজে উঠি থিয় হব নোৱাৰে। কাৰণ তাইৰ দুয়োখন ভৰিয়েই বিকল। দিব্যাঙ্গ হৈয়ো ক্লান্ত হোৱা নাই ছোৱালী জনী। বিশেষ ভাবে সক্ষম হৈ জগত জিনাৰ পণ লোৱা এই মৰম লগা ছোৱালী জনীৰ নাম ৰূপশিখা নাথ। ঘৰ মঙলদৈ চহৰৰ জ্যোতি নগৰত। আৰক্ষী বিভাগত চাকৰি কৰা কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ কন্যা ৰূপশিখা নাথে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ৭৩'৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। নিজে বহি থাকিব নোৱাৰা ৰূপশিখা নাথে বিশেষ বিচনাত শুই পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়া আৰু দৰ্শন আৰু তৰ্কশাস্ত্ৰত লেটাৰ নম্বৰ সহ মুঠ ৩৬৮ নম্বৰ লাভ কৰিছে। কোনোধৰণৰ টিউচন নোলোৱাকৈ ইংৰাজীত ৫১, অসমীয়াত ৮৬, ৰাজনীতি বিজ্ঞানত ৭১, দৰ্শন আৰু তৰ্কশাস্ত্ৰত ৯১, শিক্ষা বিষয়ত লাভ কৰিছে ৬৭ নম্বৰ। মঙলদৈ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত মেজৰ লৈ স্নাতক শ্ৰেণীত নামভৰ্তি কৰি ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ পণ লৈছে ৰূপশিখা নাথে ।
আমিও ই টিভি ৰ পৰা অভিনন্দন জনালোঁ ৰূপশিখা নাথ ক ।
Body:# উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিব্যাঙ্গ ৰূপশিখা নাথৰ কৃতিত্ব ।
# বিচনাই সাৰথি ছাত্ৰী গৰাকীৰ ।
# কলমৰ সাফৰটোও নিজে খুলি লব নোৱাৰে ৰূপশিখাই ।
# তাৰ পিছতো দুটা বিষয়ত লেটাৰ সহ লাভ কৰিলে ৭৩'৬ শতাংশ ।
# অৱশ্যে মেট্ৰিকতকৈ কম নম্বৰ পোৱাত আক্ষেপ থাকিল ।
# ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ হেঁপাহ তেওঁৰ ।
### এজনী মৰম লগা ছোৱালী। অনবৰতে মুখত ফুটি উঠে হাঁহি। কিন্তু এই মৰম লগা ছোৱালী জনীৰ বিচনা খনেই আশ্ৰয়। যাও বুলিও নিজে কতো যাব নোৱাৰে। উঠো বুলিও নিজে উঠি থিয় হব নোৱাৰে। কাৰণ তাইৰ দুয়োখন ভৰিয়েই বিকল। দিব্যাঙ্গ হৈয়ো ক্লান্ত হোৱা নাই ছোৱালী জনী। বিশেষ ভাবে সক্ষম হৈ জগত জিনাৰ পণ লোৱা এই মৰম লগা ছোৱালী জনীৰ নাম ৰূপশিখা নাথ। ঘৰ মঙলদৈ চহৰৰ জ্যোতি নগৰত। আৰক্ষী বিভাগত চাকৰি কৰা কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ কন্যা ৰূপশিখা নাথে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ৭৩'৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। নিজে বহি থাকিব নোৱাৰা ৰূপশিখা নাথে বিশেষ বিচনাত শুই পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়া আৰু দৰ্শন আৰু তৰ্কশাস্ত্ৰত লেটাৰ নম্বৰ সহ মুঠ ৩৬৮ নম্বৰ লাভ কৰিছে। কোনোধৰণৰ টিউচন নোলোৱাকৈ ইংৰাজীত ৫১, অসমীয়াত ৮৬, ৰাজনীতি বিজ্ঞানত ৭১, দৰ্শন আৰু তৰ্কশাস্ত্ৰত ৯১, শিক্ষা বিষয়ত লাভ কৰিছে ৬৭ নম্বৰ। মঙলদৈ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত মেজৰ লৈ স্নাতক শ্ৰেণীত নামভৰ্তি কৰি ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ পণ লৈছে ৰূপশিখা নাথে ।
আমিও ই টিভিৰ পৰা অভিনন্দন জনালোঁ ৰূপশিখা নাথ ক ।
Conclusion: