ETV Bharat / state

দৰঙত স্বয়ম আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Jan 22, 2021, 9:42 PM IST

দৰং জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ দৰং জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত চৰকাৰৰ স্বয়ম আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানটি অনুষ্ঠিত হয়। উক্ত সভাত স্বয়ম আঁচনিৰ জৰিয়তে কেইবাটাও আত্ম সহায়ক গোটক 30 হাজাৰ টকাৰ চেক বিতৰণ কৰে ৷

SAYAM ASONI BIGIN AT DARRAN DISTRICT
দৰঙত আজি স্বয়ম আঁচনিৰ শুভাৰম্ভণী

দৰং, 22 জানুৱাৰীঃ আজি দৰং জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ উক্ত সভা খনত উপস্থিত থাকে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগতে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া. বিধায়ক গুৰুজ্যোতি দাসৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া ৷

এই সভাখনত উপস্থিত হৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই বিপিএফ আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে ৷ কংগ্ৰেছ আৰু এআইউডিএফৰ মিত্ৰতা অপ্ৰাকৃতিক ।গোপীনাথ বৰদলৈয়ে অসম ৰক্ষাৰ বাবে যি সংকল্প লৈছিল, সেইয়া ভোট বেংক ৰক্ষাৰ স্বাৰ্থত কৰিছিল আৰু তাক এতিয়া কংগ্ৰেছে ভৰিৰে মোহাৰি পেলাইছে । গোপীনাথ বৰদলৈৰ সপোনক চুৰমাৰ কৰি কংগ্ৰেছে মহাপাপ কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

দৰঙত আজি স্বয়ম আঁচনিৰ শুভাৰম্ভণী

লগতে বিপিএফক এতিয়া মাত্ৰ শুভেচ্ছাহে দিব পাৰো বিজেপিয়ে । এতিয়াৰ ৰাজনৈতিক প্ৰেক্ষাপট বিপিএফে উপলব্ধি কৰাটো ভাল । এতিয়া আৰু বিপিএফৰ সৈতে কোনো মিত্ৰতা নাই । মিত্ৰতা প্ৰায় ছেদ হৈছে বিজেপি-বিপিএফৰ বুলি মন্তব্য কৰে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।

আনফালে, বিজেপি-বিপিএফৰ মাজত থকা মিত্ৰতা পাঁচ বছৰ পিছতহে ভংগ হ'ব বুলি কয় সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । ইয়াৰোপৰি যি দলেই চৰকাৰ গঠন কৰে সেই দলৰ সৈতেই আমি থাকিম বুলিও কয় প্ৰমিলা ৰাণী ব্ৰহ্মই । ইফালে আগন্তুক বিধান সভা নিৰ্বাচনত বিপিএফ দলে অকলেই নিৰ্বাচনত অবতীৰ্ণ হব বুলি মন্তব্য কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়ক-জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.