ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদী সমদল - মঙলদৈ

মঙলদৈৰ ৰাজপথত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। হাতে হাতে নাঙল-যুঁৱলী লৈ সমদল উলিয়াই কৃষি আইনৰ বিৰোধিতা কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।

কৃষি আইনৰ বিৰোধিতাৰে মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদী সমদল

author img

By

Published : Oct 10, 2020, 4:30 PM IST

মঙলদৈ, ১০অক্টোবৰ: কৃষি আইনৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দৰং জিলা কংগ্ৰেছে। মঙলদৈৰ ভেবাৰঘাট বাছ আস্থানৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে। হাতে হাতে নাঙল-যুঁৱলী, মৈ লৈ কৃষক বিৰোধী আইনখন বাতিলৰ দাবী জনায়। চৰকাৰ বিৰোধী শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীয়ে। কৃষকৰ স্বাৰ্থত আঘাত হনা এই আইনখনৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বসন্ত দাস আৰু প্ৰাক্তন উপ-পৌৰপতি জিংকুল আলী, নগৰ মণ্ডলৰ সভাপতি ৰাকেশ বৰুৱাকে ধৰি কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে।

লগতে পঢ়ক:কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.