মঙলদৈ, 6 অক্টোবৰ: আপোনাৰ টেণ্ট হাউচৰ ব্যৱসায় আছে নেকি? নে আপুনি আত্মীয় অথবা ওচৰ-চুবুৰীয়াৰ ঘৰৰ বিবাহ আদি অনুষ্ঠানত হাতে-কামে লাগি ভাল পায়? এতিয়াৰে পৰা অলপ সাৱধান হওক ৷ অলপ নহয়, সতৰ্ক হ’বই লাগিব ৷ অকণমান অসাৱধনতাই জে’লমুখী কৰিব পাৰে আপোনাক ৷ কাৰণ, বাল্যবিবাহত জড়িত টেন্ট হাউচ, চাহ বিলোৱাজনকো কৰা হ’ব জগৰীয়া ৷ তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা লোৱা হ’ব ৷ এই খবৰ দিছে দৰং জিলাৰ শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই ৷
শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুস্থিত শিশু সুৰক্ষা বিষয়ত এখনি সজাগতা সভাত বক্তব্য আগবঢ়াই চহৰীয়াই কয় যে POCSO আইনে কেৱল নাবালিকাসকলকে নহয়, নাবালক সকলকো সুৰক্ষা দিছে ৷ উক্ত সভাত শিশু সুৰক্ষাৰ লগতে বাল্যবিবাহৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক সাংবাদিক উপস্থিত থকা সভাখনত জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনিকংকনা চাংমাই, আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জোতি বৰুৱা, শিশু সুৰক্ষা কৰ্মী ৰফিকুল ইছলাম আদি বিশিষ্ট লোকসকলে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত বক্তব্য ৰাখে ৷
মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই আঁতধৰা সভাখনত বাল্য বিবাহ ৰোধৰ কাৰণে চৰকাৰে লোৱা ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি ভাল পদক্ষেপ লোৱা বুলি সকলোৱে মন্তব্য কৰে ৷ বিশেষকৈ আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জোতি বৰুৱাই বক্তব্য আগবঢ়াই কয় যে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপত কোনো বিৰোধী দলে বিৰোধিতা কৰা নাই । এয়া খুউব ভাল পদক্ষেপ ৷ ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰততে অসমৰ পৰা এটা ভাল বাৰ্তা গৈছে ৷ চৰকাৰে ভাল কাম কৰিছে ৷ পূৰ্বৰ চৰকাৰসমূহে ভোটৰ চিন্তাত বাল্য বিবাহ আদিৰ বিৰুদ্ধে পদক্ষেপ লোৱা নাছিল ।
তেওঁ কয়, এই বিষয়ত কাকত আৰু বৈদ্যুতিন মাধ্যমতো ভাল প্ৰচাৰ হৈছে । তাৰোপৰি কোনো কাৰণতে ছোৱালী ১৮ বছৰ তলত আৰু ল’ৰাই ২১ বছৰৰ তলত বিবাহ কৰিব নালাগে ৷ সভাত শিশু সুৰক্ষা বিষয়ত আলোচনা কৰি উপযুক্ত শিক্ষা দিয়াৰ উপৰত গুৰুত্ব দিয়া হয় ৷ তাৰোপৰি শিশু সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰোতে কেনেধৰণৰ সাৱধানতা ল’ব লাগে তাৰ সন্দৰ্ভতো বক্তব্য আগবঢ়ায় ।