ETV Bharat / state

বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ - বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা

বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, বানাক্ৰান্তক সাহায্য প্ৰদান আদি দাবীৰে সোমবাৰে আমছুয়ে মানৱ শৃংখল তৈয়াৰ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কিনকিনীয়া বৰষুণৰ মাজতেই দলগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

AMSU protests with human chain in Dalgaon
বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ
author img

By

Published : Jul 27, 2020, 7:49 PM IST

দলগাঁও,২৭ জুলাই: সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুয়ে বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা,বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত দলগাঁৱত এক মানৱ শৃংখল তৈয়াৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ

কিনকিনীয়া বৰষুণৰ মাজতেই আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দৰঙৰ দলগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এই কাৰ্যসূচী ৰপায়ণ কৰাৰ অন্তত বিভিন্ন শ্ল'গানেৰে দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়া ছমিৰ চৌধুৰীৰ জড়িয়তে বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰা,বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,বানপানীৰ স্থায়ী সমাধান সূত্ৰ উলিওৱা আদিকে ধৰি ছয় দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্রীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ,সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস,দৰং আমছুৰ সভাপতি আলেপ উদ্দিনকে ধৰি আমছুৰ বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।

লগতে চাওকঃ কৰ'ণা যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল ঐশ্বৰ্য-আৰাধ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.