দৰঙ,24 অক্টোবৰঃ বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোট গণনাৰ অন্তত ঘোষিত ফলাফল অনুসৰি জনীয়া বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে বিপুল ভোটত জয়যুক্ত হয় । জনীয়া সমষ্টিৰ ঘোষিত ফলাফলত দৰঙৰ খাৰুপেটীয়াস্থিত জিলা এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কর্মীসকলে মিঠাই বিতৰণ কৰি ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে ৷ দলটোৰ এই বিজয় উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মজিবুৰ ৰহমানে ২০২১ চনত অসমৰ পৰা কংগ্ৰেছ মুক্ত হব বুলি মন্তব্য কৰে । জনীয়াত কংগ্ৰেছৰ পৰাজয় কাৰণ সন্দৰ্ভত সংবাদ মাধ্যমে কৰা এটা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে ডি ভোটাৰ, ডিটেনশ্বন কেম্প আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এন আৰ চিৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুমুখীয়া নীতিয়েই উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ মূল কাৰণ বুলি অভিহিত কৰে । ৰহমানে ২০২১ চনৰ নিৰ্বাচনৰ বাবে আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিবলৈ দলীয় নেতা-কৰ্মীসকলৈ আহ্বান জনায় ৷
আৰু পঢ়ক