ETV Bharat / state

AJP meeting in Mangaldoi: 2024ৰ নিৰ্বাচনৰ লক্ষ্যৰে মঙলদৈত অগপৰ বিশাল কাৰ্যকৰ্তা সভা

2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত নামি পৰিছে অসম গণ পৰিষদ (AGP Executive meeting) ৷ দেওবাৰে মঙলদৈত অনুষ্ঠিত হয় অগপৰ বিশাল কৰ্মকৰ্তা সভা ৷ এই সভাতে কুকুৰৰ মাংস বিতৰ্ক সন্দৰ্ভত পুনৰ মুখ খুলিলে অতুল বৰাই ৷

AJP meeting in Mangaldoi
2024ৰ নিৰ্বাচনৰ লক্ষ্যৰে মঙলদৈত অগৰ বিশাল কাৰ্যকৰ্তা সভা
author img

By

Published : Mar 12, 2023, 5:35 PM IST

2024ৰ নিৰ্বাচনৰ লক্ষ্যৰে মঙলদৈত অগৰ বিশাল কাৰ্যকৰ্তা সভা

দৰং, 12 মাৰ্চ: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ব্যাপক হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যেই 12খন আসন দখলৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ ৷ সমান্তৰালভাৱে একত্ৰিত হৈছে প্ৰায় 10 টা বিৰোধী ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে বিজেপিৰ মিত্ৰ দল অগপইয়ো চলাইছে প্ৰস্তুতি (Lok Sabha election 2023) ৷

লোকসভা নিৰ্বাচনৰ বাবে গুলী-বাৰুদ সাজু কৰিছে অগপই ৷ এই মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷ মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অগপৰ কৰ্মকৰ্তা সভাত এই মন্তব্য কৰে সত্যব্ৰত কলিতাই ৷ সভাত উপস্থিত থাকে প্ৰায় তিনি সহস্ৰাধিক অগপ কৰ্মী (AGP executive meeting) ৷

ইফালে, এই কৰ্মকৰ্তা সভাত উপস্থিত থকা মন্ত্ৰী অতুল বৰাই পুনৰ কুকুৰৰ মাংস বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে (Assam Dog meat controversy) ৷ এয়া এক অদৰকাৰী বিতৰ্ক বুলি উল্লেখ যিবোৰ বিষয়ৰ ওপৰত বিতৰ্ক হ’ব লাগে সেয়া ৰাজ্যখনত হোৱা নাই বুলি মন্তব্য কৰে অতুল বৰাই ৷ লগতে মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীয়ে অসমৰ মানুহে কুকুৰ খায় বুলি কৰা মন্তব্য সমীচিন নহয় বুলিও উল্লেখ কৰে ৷ ইয়াৰ উপৰিও তেওঁ কয় যে অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে আৰু কিছু লোকে কুকুৰৰ মাংস খায় ৷

আনহাতে, পূৰ্বে অগপৰ দুৰ্গ হিচাবে পৰিচিত দৰং জিলা এতিয়া পৰিৱৰ্তিত ৰাজনীতিৰ বাবে অলপ ইফাল সিফাল হৈছে বুলি উল্লেখ কৰি এতিয়া অগপৰ ভাল দিন আহিছে আৰু দলটোত নতুন নতুন সদস্যৰ অন্তৰ্ভুক্ত হৈছে বুলি অতুল বৰাই উল্লেখ কৰে ৷ কোন কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব দিয়া হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ প্ৰতিটো লোকসভা সমষ্টিত অগপৰ কৰ্মকৰ্তা সন্মিলন ক্ষীপ্ৰতাৰে অনুষ্ঠিত কৰা হ’ব বুলিও সংবাদমাধ্যমৰ আগত অতুল বৰাই (Minister Atul Bora) সদৰী কৰে ৷

মঙলদৈত দেওবাৰে অনুষ্ঠিত হোৱা এই সভাত মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলৰ লগতে অগপৰ কেন্দ্ৰীয় সমিতিৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে অগপৰ মন্ত্ৰী কেশৱ মহন্তও ৷

লগতে পঢ়ক: Atul Bora Press Meet: অসমলৈ বহিঃৰাজ্যৰ গাহৰি-কুকুৰা আমদানিত প্ৰতিবন্ধকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.