ETV Bharat / state

কলাইগাঁৱৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশীৰ - নিৰ্বাচন

২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী । সকলো ৰাজনৈতিক দলে নিজৰ ভেঁটি মজবুত কৰাত ব্যস্ত । পিচপৰা নাই অসম গণ পৰিষদ দলো ৷

agp election campaign
কলাইগাঁৱৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশীৰ
author img

By

Published : Nov 21, 2020, 10:56 PM IST

দৰং, 21 নবেম্বৰ: দৰং জিলাৰ কলাইগাঁও প্ৰগতিশীল জনমঞ্চ প্ৰাংগণত শনিবাৰে অগপৰ এখন সাধাৰণ সভাত অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অগপৰ দলৰ সদস্য পৰমানন্দ ৰাজবংশী । এসময়ত অগপৰ দূৰ্গ ৰূপে পৰিচিত ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি পুনৰুদ্ধাৰৰ বাবে উঠি পৰি লাগিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী ।

agp election campaign
কলাইগাঁৱৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশীৰ

মিত্ৰজোঁট বিপিএফৰ দখলত থকা কলাইগাঁও সমষ্টিত এইবাৰ পৰমানন্দ ৰাজবংশী নিৰ্বাচনত অৱৰ্তীণ হ’ব বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰিছে । সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ আগমত অগপৰ দলীয় নেতা কৰ্মীসকলেও কিছু সকাহ লাভ কৰিছে । জাতীয়তাবাদী ভাৱধাৰা অক্ষুন্ন ৰাখিবৰ বাবে অগপত যোগদান কৰি কলাইগাঁৱত বিভিন্ন সভা সমিতিত ৰাজবংশী ব্যস্ত হৈ পৰা বুলি জানিব পৰা হৈছে । কিন্তু মিত্ৰ দলৰ দখলত থকা এই সমষ্টিটোত এইবাৰ অগপ নে আন দলৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিব সেয়া নিৰ্ভৰ কৰিব কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত ।

লগতে পঢ়ক: বিজেপিয়ে বিটিচিত চিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.