ETV Bharat / state

খাৰুপেটীয়াত পত্নীক এচিডেৰে আক্ৰমণ স্বামীৰ

author img

By

Published : Sep 3, 2022, 4:44 PM IST

দৰং জিলাৰ খাৰুপেটীয়াত এচিড আক্ৰমণৰ ঘটনা (Acid attack case)। পত্নীক এচিডেৰে আক্ৰমণ কৰিলে স্বামীয়ে । গুৰুতৰভাৱে আহত পত্নী GMCHত চিকিৎসাধীন । ৰঙা ঘৰৰ আলহী হ'ল অভিযুক্ত স্বামী ।

Darrang
খাৰুপেটীয়াত পত্নীক এচিডেৰে আক্ৰমণ স্বামীৰ

দলগাঁও,৩ ছেপ্টেম্বৰ‌ : দৰং জিলাৰ খাৰুপেটীয়াত জঘন্য কাণ্ড । পত্নীক এচিডেৰে আক্ৰমণ স্বামীৰ (Acid attack case at Kharupetia)। ঘটনাক লৈ তীব্ৰ উত্তেজনা খাৰুপেটীয়াত ।

এই ঘটনা সংঘটিত হৈছে খাৰুপেটীয়াৰ ৰাম নগৰত । জানিব পৰা মতে ৩১ আগষ্টত এই ঘটনাটো সংঘটিত হৈছে । পাৰিবাৰিক সংঘাতৰ বাবেই অমৰ ধৰ নামৰ লোকজনে নিজৰ ঘৰতে পত্নীক এচিডেৰে আক্ৰমণ কৰে । ফলত গুৰুতৰভাৱে আহত হয় পত্নী । সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভুক্তভোগী মহিলাগৰাকীক ।

ইফালে আহত মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে জোঁৱায়েকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । এজাহাৰৰ ভিত্তিত আক্ৰমণকাৰী স্বামী অমৰ ধৰক লগে লগে আটক কৰে খাৰুপেটীয়া আৰক্ষীয়ে । ইতিমধ্যে অমৰ ধৰক আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে আক্ৰমণকাৰী স্বামীক জেললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :মৈৰাবাৰী আৰক্ষীৰ জালত সাতটাকৈ চাইবাৰ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.